মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ উপৰি অসমৰ ৫ টাকে ধৰি দেশৰ ৪৮ টা বিধানসভা সমষ্টিত উপ নির্বাচনৰ দিন ঘোষণা

নিৰ্বাচন আয়োগে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ উপৰি অসমৰ ৫ টাকে ধৰি দেশৰ ৪৮ টা বিধানসভা সমষ্টিত উপ নির্বাচনৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা ১৩ নৱেম্বৰত ৱাইনাড সংসদীয় আসনখনৰ বাবেও উপ-নির্বাচন অনুষ্ঠিত হ’ব। অসমৰ ধলাই, চিদলী, বঙাইগাওঁ, বিহালী আৰু চামগুৰি সমষ্টিত খালী হোৱা আসন ৫ খনৰ বাবেও অহা ১৩ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। এই বিষয়ে সবিশেষ জনাইছে আমাৰ নগাঁৱৰ সংবাদদাতা মুনীন্দ্ৰ শ‍ইকীয়াই (ভইচ) আনহাতে, মেঘালয়ৰ এখন আৰু চিকিমৰ দুখন বিধানসভা আসনৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ’ব। ইপিনে, উত্তৰাখণ্ড আৰু মহাৰাষ্ট্ৰত নন্দেৰ বিধানসভা আসনৰ বাবে ২০ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইপিনে, মহাৰাষ্ট্ৰত এটা পৰ্যায়ত ২০ নৱেম্বৰত আৰু ঝাৰখণ্ডত ২ টা পৰ্যায়ত ১৩ আৰু ২০ নৱেম্বৰত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব। নতুন দিল্লীত নিৰ্বাচনৰ সূচী ঘোষণা কৰি মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে, অহা ২২ অক্টোবৰত ২৮৮ জনীয়া মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হ’ব আৰু অহা ২৯ অক্টোবৰ পৰ্যন্ত মনোনয়ন দাখিল কৰিব পৰা যাব। ঝাৰখণ্ডত অহা ১৮ অক্টোবৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অধিসূচনা জাৰি কৰা হ’ব আৰু ২৫ অক্টোবৰ পৰ্যন্ত প্রার্থীয়ে মনোনয়ন দাখিল কৰিব পাৰিব। দ্বিতীয় পৰ্যায়ৰ বাবে ৰাজ্যখনত ২২ তাৰিখে অধিসূচনা জাৰি কৰা হ’ব আৰু ২৯ অক্টোবৰলৈ মনোনয়ন দাখিল কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক