কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ সৈতে নতুনকৈ কাৰ্যকৰী হোৱা তিনিখন ফৌজদাৰী আইন সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই তিনিখন নতুন ফৌজদাৰী আইন হৈছে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম। আৰক্ষী, কাৰাগাৰ, আদালত, বিচাৰ আৰু ফৰেন্সিক সন্দৰ্ভত মহাৰাষ্ট্ৰত এই তিনিওখন আইনৰ কাৰ্যকৰীকৰণ আৰু ইয়াৰ বৰ্তমান স্থিতি সন্দৰ্ভত এই পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ সময়ছোৱাত শ্ৰীশ্বাহে মুখ্যমন্ত্রী ফাড়নবিছক মহাৰাষ্ট্ৰত এই তিনিওখন আইন অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে আহ্বান জনায়। তেওঁ এই আইনৰ অধীনত মহাৰাষ্ট্ৰ চৰকাৰক এটা আদৰ্শ বিচাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈও আহ্বান জনায়। মহাৰাষ্ট্ৰৰ উপ-আৰক্ষী অধীক্ষক ৰশ্মি শুক্লা আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে এই বৈঠকত অংশ লয়। এই নতুন তিনিখন ফৌজদাৰী আইন বিগত বছৰৰ পহিলা জুলাইত সমগ্র দেশতে কাৰ্যকৰী কৰা হৈছিল। ভাৰতৰ ন্যায়িক ব্যৱস্থাক অধিক স্বচ্ছ, দক্ষ আৰু সমসাময়িক সমাজৰ প্ৰয়োজনীয়তা পূৰণৰ উদ্দেশ্যে এই তিনিওখন আইন প্ৰৱৰ্তন কৰা হৈছে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীফাড়নবিছে কয় যে মহাৰাষ্ট্ৰ আৰক্ষী বাহিনীৰ ৯০ শতাংশ লোকে এই আইনৰ অধীনত প্ৰশিক্ষণ সম্পন্ন কৰিছে। তেওঁ লগতে কয় যে ৭ বছৰ পুৰণি গোচৰসমূহৰ ক্ষেত্ৰত ফৰেনছিক আন্তঃগাঁথনিৰ বাবে চৰকাৰে ২৭খন ভেনৰ ব্যৱস্থা কৰিছে।
Site Admin | February 14, 2025 8:46 PM | Amit sah | Amit Shah | Dev_Fadnavis | HM India | Maharashtra
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ সৈতে ৩খন ফৌজদাৰী আইন সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ পর্যালোচনা বৈঠক
