April 20, 2024 8:16 PM | PM Modi

printer

মহাৰাষ্ট্ৰৰ পৰৰ্ভণীত প্ৰধানমন্ত্ৰীৰ নির্বাচনী সভা

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি মহাৰাষ্ট্ৰৰ পৰৰ্ভণীত এখন নির্বাচনী সভা সম্বোধন কৰে। শ্ৰীমোদীয়ে তেওঁৰ ভাষণত সবকা সাথ-সবকা বিকাশ মন্ত্ৰৰে সৰ্বাত্মক উন্নয়নৰ প্ৰতি এন ডি এ চৰকাৰৰ প্ৰতিশ্ৰুতিৱদ্ধতাত জোৰ দিয়ে। তেওঁ সীমান্তৰে চলা সন্ত্ৰাসবাদৰ অৱসানৰ লগতে ভৱিষ্যতৰ প্ৰগতিৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। চৰকাৰে দৰিদ্ৰতা দূৰীকৰণৰ বাবে সক্রিয়ভাৱে কাম কৰি আছে আৰু ৰেচনৰ উচিত বিতৰণ সুনিশ্চিত কৰিছে বুলি শ্রীমোদীয়ে জনসাধাৰণক আশ্বাস প্ৰদান কৰে। শ্ৰীমোদীয়ে তৃতীয়টো কাৰ্য্যকালৰ বাবে নিৰ্বাচিত হ’লে আধৰুৱা প্ৰকল্পসমূহ অব্যাহত ৰখাৰ আৰু সম্পূৰ্ণ কৰাৰ সংকল্প লয়। তেওঁ কয় যে, পৰৰ্ভণীত ৰূপায়ণ হৈ থকা ১৭ টা জনৌষধি কেন্দ্ৰৰ জৰিয়তে ৰেহাই দৰত ঔষধ প্ৰদান, উজ্বলা যোজনাৰ মাধ্যমেৰে ২৫ হাজাৰৰো অধিক মহিলাৰ হিত সাধন আৰু ৯ লাখৰো অধিক পশুধনক প্ৰতিষেধক প্ৰদানৰ লেখিয়া উদ্যমসমূহে চৰকাৰৰ কল্যাণমুখী প্রচেষ্টাকে প্ৰতিফলিত কৰে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰসমূহে মাৰাথৱাড়াৰ ছয়াবিন, মিলেট আৰু জোৱাৰৰ লেখিয়া শস্য আধাৰিত অৰ্থ- ব্যৱস্থাৰ প্ৰতি আওকাণ কৰা বুলি প্ৰধানমন্ত্ৰীয়ে অভিযোগ তোলে। তেওঁ খেতিয়কৰ বাবে জলযুক্ত চিৱাৰ আঁচনিৰ প্ৰণয়ন আৰু পৰভ্ৰণীৰ নামনি দুধানা জলসিঞ্চন প্রকল্প সম্পূৰ্ণ কৰাৰ দৰে এন ডি এ চৰকাৰৰ বিভিন্ন প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। অমৰাৱতীত নিৰ্মাণ কৰিবলগীয়া বস্ত্ৰ উদ্যানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, উদ্যানখনে পৰভ্ৰণীৰ খেতিয়কসকলক উপকৃত কৰিব । প্রধানমন্ত্ৰীয়ে অবিৰত উন্নয়নৰ বাবে এন ডি এ মিত্রজোটক সমৰ্থন কৰিবলৈ ভোটদাতাসকলৰ প্ৰতি আহ্বান জনায়। পৰৰ্ভণী সংসদীয় সমষ্টিত দ্বিতীয় পৰ্য্যায়ত ২৬ এপ্ৰিলৰ ভোটগ্ৰহণ কৰা হ’ব। এন ডি এ মিত্ৰজোটৰ মহাদেৱ জানকৰ আৰু মহা বিকাশ অঘাৰীৰ সঞ্জয় ওৰফে বন্দু যাদৱে এই আসনখনৰ পৰা প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেবেন্দ্র ফাড়নবিচ, ৰিপাব্লিক এণ্ড পাৰ্টী অৱ ইণ্ডিয়াৰ সভাপতি ৰামদাস আথাৱালে, ভাগৱত কাৰাড আৰু মিত্ৰজোটৰ আন কেইবাগৰাকীও নেতা নির্বাচনী সভাত উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক