ডাউনলোড
মোবাইল এপ

android apple
signal

January 23, 2025 7:50 PM | mumbai accident

printer

মহাৰাষ্ট্ৰৰ পছোৰাৰ ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩লৈ বৃদ্ধি

মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ পছোৰাত কালি বিয়লি হোৱা ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩লৈ বৃদ্ধি পাইছে। ইয়াৰে ১০জনক চিনাক্ত কৰা হৈছে। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে আজি এই বিষয়ে প্ৰকাশ কৰে। সাংবাদিকৰ আগত শ্ৰীপাৱাৰে কয় যে পুস্পক এক্সপ্ৰেছত জুই লগা বুলি উৰা বাতৰি বিয়পাৰ পাছত চেইন টানি ৰে’লখনৰ একাংশ যাত্রী নামি যোৱাৰ সময়তে কৰ্ণাটক এক্সপ্ৰেছ নামৰ অন্য এখন ৰে’লগাড়ীয়ে যাত্ৰীসকলক মহতিয়াই নিয়াৰ ফলত এই অঘটন ঘটে। তেওঁ কয় যে ৰাজ্যখনৰ জলসম্পদ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী গিৰিশ মহাজন, পানী যোগান আৰু অনাময় মন্ত্ৰী গোলাম ৰাও পাৰ্টিলৰ লগতে প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে দুর্ঘটনাস্থলী পৰিদৰ্শন কৰিছে। শ্ৰীপাৱাৰে কয় যে দুৰ্ঘটনা সংঘটিত ৰে’লপথেৰে ৰে’ল সেৱা অব্যাহত ৰখা হৈছে আৰু যানবাহনৰ যাত্ৰাও সম্প্ৰতি নিয়মীয়া হৈছে।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে এই ৰে’ল দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি মুর্মুৱে লগতে সামাজিক মাধ্যমযোগে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে ৰে’ল দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ শোক প্ৰকাশ কৰিছে আৰু আহত সকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছে। কর্তৃপক্ষসমূহে প্ৰভাৱিত লোকসকলক সম্ভাব্য সকলোধৰণৰ সহায় আগবঢ়োৱা বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক