মহাৰাষ্ট্ৰৰ দেৱলালীত আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে দেশৰ প্ৰতিৰক্ষা বাহিনী আৰু ছিংগাপুৰ প্ৰতিৰক্ষা বাহিনীৰ যুটীয়া সামৰিক অনুশীলন অগ্নি ৱাৰিয়ৰ-২০২৪ অনুষ্ঠিত হৈছে। ত্রয়োদশ দ্বিপাক্ষিক
অনুশীলনত ছিংগাপুৰ আৰ্টিলেৰী ৰেজিমেণ্টৰ ১৮২ গৰাকী আৰু ভাৰতীয় সেনাবাহিনীৰ ১১৪ গৰাকী বিষয়া- জোৱানে অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচীৰ অধীনত পাৰস্পৰিক বুজাবুজিৰ বাবে এই যুটীয়া অনুশীলন চলোৱা হৈছে। এই অনুশীলনত দুয়োপক্ষই অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে নিজৰ সামৰিক কৌশল প্ৰদৰ্শন কৰে। দেশৰ আৰ্টিলেৰীৰ সঞ্চালকপ্ৰধান লেফটেনেণ্ট জেনেৰেল এ কুমাৰ, ছিংগাপুৰ প্ৰতিৰক্ষা বাহিনীৰ কৰ্ণেল অল চিউ পার্নে এই অনুশীলন প্রত্যক্ষ কৰে। তেওঁলোকে দুয়োপক্ষৰ বাহিনীয়ে দেখুওৱা প্ৰদৰ্শনক প্ৰশংসা কৰে।
Site Admin | November 30, 2024 8:47 PM | Agni Warrior Maharashtra | Maharashtra
মহাৰাষ্ট্ৰৰ দেৱলালীত তিনিদিনীয়া কাৰ্যসূচীৰে দেশৰ প্ৰতিৰক্ষা বাহিনী আৰু ছিংগাপুৰ প্ৰতিৰক্ষা বাহিনীৰ যুটীয়া সামৰিক অনুশীলন অগ্নি ৱাৰিয়ৰ-২০২৪ অনুষ্ঠিত
