মহাৰাষ্ট্ৰৰ জলগাঁও আৰু ৰাজস্থানৰ যোধপুৰ ভ্ৰমণ কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

 প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ জলগাঁও আৰু ৰাজস্থানৰ যোধপুৰ ভ্ৰমণ কৰিব। আজি পুৱাৰ ভাগত শ্ৰীমোদীয়ে লাখপতি দিদি সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে জলগাঁৱলৈ যাব। এন ডি এ চৰকাৰৰ তৃতীয়টো কাৰ্যকালত অলপতে লাখপতি হোৱা ১১ লাখ নতুন লাখপতি দিদিক তেওঁ সন্মান জনোৱাৰ লগতে প্ৰমাণপত্ৰ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ লাখপতি দিদিসকলৰ সৈতে মত বিনিময়ো কৰিব। শ্রীমোদীয়ে ২,৫০০ কোটি টকাৰ পুঁজিও মুকলি কৰিব যাৰ দ্বাৰা আত্মসহায়ক গোটৰ ৪৮ লাখ সদস্য উপকৃত হ’ব। তেওঁ লগতে ৫ হাজাৰ কোটি টকাৰ বেংক ঋণো বিতৰণ কৰিব, যিয়ে প্রায় ২৬ লাখ আত্মসহায়ক গোটৰ সদস্যক সহায় কৰিব। লাখপতি দিদি আঁচনি আৰম্ভ হোৱাৰে পৰা এক কোটি মহিলা লাখপতি দিদি হৈছে আৰু চৰকাৰে ৩ কোটি মহিলাক লাখপতি দিদি বনোৱাৰ লক্ষ্য নির্ধাৰণ কৰিছে। সন্ধিয়ালৈ প্ৰধানমন্ত্ৰী মোদী ৰাজস্থানৰ যোধপুৰত উপস্থিত হ’ব। তেওঁ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ সামৰণি উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। শ্রীমোদীয়ে ৰাজস্থান উচ্চ ন্যায়ালয় সংগ্রহালয়ো মুকলি কৰিব।

অধিক পঢ়ক

সকলো চাওক