ডাউনলোড
মোবাইল এপ

android apple
signal

November 29, 2024 9:12 PM | Akashvani | maharastra

printer

মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ সাদাক অৰ্জুনীত বিয়লি সংঘটিত এটা দুৰ্ঘটনাত কমেও ৯ জন লোকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ সাদাক অৰ্জুনীত আজি বিয়লি সংঘটিত এটা দুৰ্ঘটনাত কমেও ৯ জন লোকৰ মৃত্যু হয়। ভাণ্ডাৰাৰ পৰা গণ্ডিয়ালৈ গৈ থকা ৰাজ্যিক পৰিবহণ বাছখন বিন্দ্ৰাভন টোলা গাঁৱৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। দুৰ্ঘটনাটোত ৯ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ৩০ জন লোক আহত হয়। আহতসকলক গণ্ডিয়া জিলা চিকিৎসালয়লৈ ভর্তি কৰোৱা হয়। উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে আহতসকলক সহায় কৰিবলৈ জিলা বিষয়াসকলক নির্দেশ দিছে। মুখ্যমন্ত্রী একনাথ সিন্ধে ই এই দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ ১০ লাখ টকাৰ সাহায্যৰ কথা ঘোষণা কৰিছে। লগতে তেওঁ আহতসকলৰ বাবে উপযুক্ত চিকিৎসাৰ বাবে নিৰ্দেশ দিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দূৰ্ঘটনাৰ বাতৰিৰ শোক প্ৰকাশ কৰিছে।
ছ’চিয়েল মিডিয়াত এটা পোষ্টত প্রধানমন্ত্রী মোদীয়ে দুর্ঘটনাত নিহতসকলৰ আত্মীয় সকলৰ প্রতি সমবেদনা প্রকাশ কৰে। তেওঁ আশা প্রকাশ কৰে যে আহতসকল অতি সোনকালে সুস্থ হৈ উঠিব। প্রধানমন্ত্ৰীয়ে কয় যে, স্থানীয় প্রশাসনে ক্ষতিগ্রস্তসকলক সহায় কৰি আছে। তেওঁ কয় যে মৃতকৰ নিকট আত্মীয়ক প্রধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা দুই লাখ টকাৰ সাহায্য প্ৰদান কৰা হ’ব।আহতসকলকো ৫০ হাজাৰ টকা প্ৰদান কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক