মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ অভিযানত নামি পৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি থানেত এখন নির্বাচনী সভাত ভাগ লয়। তেওঁ কয় যে বিজেপিয়ে প্ৰতিৰক্ষা খণ্ডক সবল কৰি তুলিছে আৰু দেশৰ অভ্যন্তৰীণ সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়েও আজি দলৰ হৈ ভিন ভিন স্থানত প্ৰচাৰ চলায়। ইপিনে, এন চি পিৰ শাৰদ পাৱাৰ গোটৰ মুৰববী শাৰদ পাৱাৰে আজি ছাংলিত দলৰ হৈ প্ৰচাৰ অভিযানত ভাগ লয়। শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ মুৰববী উদ্ধৱ থাকৰেও আজি ছত্ৰপতি ছম্ভাজী নগৰত প্ৰচাৰ চলাই ছয়াবিনৰ ন্যূনতম সমর্থন মূল্যক লৈ শাসকীয় এন ডি আৰু মহা মিত্ৰজোঁট চৰকাৰক সমালোচনা কৰে।
Site Admin | November 15, 2024 8:03 PM | Maharastra Election