বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি মুম্বাইত দলৰ আগশাৰীৰ নেতাসকলৰ উপস্থিতিত মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে দলীয় ইস্তাহাৰ সংকল্প-পত্ৰ প্ৰকাশ কৰে। ইস্তাহাৰ প্ৰকাশ কৰি শ্ৰীশ্বাহে কয় যে বিজেপিৰ সংকল্পপত্ৰত ৰাজ্যখনৰ জনসাধাৰণৰ আশা আকাংক্ষা প্রতিফলিত হৈছে। সংকল্পপত্ৰত বিজেপিয়ে খৰাং অৱস্থামুক্ত মহাৰাষ্ট্ৰৰ বাবে জলসিঞ্চন প্ৰকল্প, নৈৰ গতিপথৰ পৰিৱৰ্তন ঘটোৱা আৰু বাৰিষাৰ অতিৰিক্ত পানী প্ৰয়োজনীয় স্থানলৈ বোৱাই নিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। দলটোৱে লগতে পৰৱৰ্ত্তী ৫ বছৰত ১ কোটি কর্মসংস্থাপন সৃষ্টি, মহিলা সবলীকৰণ, বহনক্ষম গৃহ নিৰ্মাণ, কৃষিৰ বাবে সৌৰ শক্তিৰ ব্যৱহাৰ আৰু বিশুদ্ধ খোৱাপানীৰ প্ৰতিশ্ৰুতি দিছে। ইস্তাহাৰ উন্মোচনৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল, মহাৰাষ্ট্ৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ, মহাৰাষ্ট্ৰ বিজেপিৰ চন্দ্ৰশেখৰ বাৱানকুলে আৰু আন ভালেসংখ্যক নেতা উপস্থিত থাকে। ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তুংগত হৈ উঠিছে। বিভিন্ন দলৰ আগশাৰীৰ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই আছে।
Site Admin | November 10, 2024 6:06 PM | Amit Shah | Maharashtra Assembly Election