ডাউনলোড
মোবাইল এপ

android apple
signal

September 29, 2024 11:13 AM | PM Modi at Maharashtra

printer

মহাৰাষ্ট্ৰত ১১,২০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ ভাৰ্চুৱেলী মুকলি আৰু আধাৰশিলা স্থাপন  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ১১,২০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ মুকলি আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ জিলা আদালতৰ পৰা স্বৰগেটলৈকে পুনে মেট্ৰ’ খণ্ড মুকলি কৰিব। প্ৰায় ১, ৮১০ কোটি টকা ব্যয়ৰে এই প্ৰকল্প সম্পূৰ্ণ কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰায় ২,৯৫৫ কোটি টকা ব্যয় সাপেক্ষ পুনে-মেট্ৰ’ প্ৰথম পৰ্যায়ৰ স্বৰগেট, কাটৰাজ সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। শ্ৰী মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় উদ্যোগীক কৰিড’ৰ উন্নয়ন কাৰ্যসূচীৰ অধীনৰ ৭,৭৫৫ একৰ ভূমি সামৰি বিডকিন উদ্যোগীক অঞ্চল– পৰিৱৰ্তনকাৰী প্ৰকল্প ৰাষ্ট্ৰ নামত উৎসৰ্গা কৰিব । মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজী নগৰৰ পৰা ২০ কিলোমিটাৰ দক্ষিণ এই প্রকল্প নিৰ্মাণ কৰা হৈছে। দিল্লী, মুম্বাই উদ্যোগীক কৰিড’ৰৰ অধীনত বিকশাই তোলা এই প্রকল্প মাঠৱাড়া অঞ্চলত এটা উল্লেখযোগ্য অর্থনৈতিক কেন্দ্ৰ হিচাপে উন্নীত হোৱাৰ ব্যাপক সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰে ৬,৪০০ কোটিৰো অধিক টকা ব্যয়ৰে তিনিটা পৰ্যায়ত এই প্রকল্প নিৰ্মাণৰ বাবে অনুমোদন দিছে। প্রধানমন্ত্ৰীয়ে আজি ছ’লাপুৰ বিমান বন্দৰো মুকলি কৰিব। এই বিমান বন্দৰটোৱে পৰ্যটক, ব্যৱসায়ী তথা বিনিয়োগকাৰীসকলৰ বাবে ছ’লাপুৰলৈ উন্নত যোগাযোগৰ সুযোগ প্ৰদান কৰিব। তেওঁ লগতে ভিডেৱাড়াত ক্রান্তিজ্যোতি সাবিত্রীবাই ফুলেৰ প্ৰথমখন বালিকা বিদ্যালয়ৰ স্মাৰকৰ আধাৰশিলা স্থাপন কৰিব।

অধিক পঢ়ক

সকলো চাওক