মহাৰাষ্ট্ৰত আজি শাসনাধিস্থিত মহাযুটী মন্ত্ৰীসভাৰ বহু প্ৰতিক্ষিত সম্প্ৰসাৰণ সম্পন্ন হৈছে। মন্ত্ৰীসভাৰ কেইবাগৰাকী সদস্যই আজি নাগপুৰৰ ৰাজভৱনত শপত গ্ৰহণ কৰে। ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে তেওঁলোকক শপত বাক্য পাঠ কৰোৱায়। বিজেপিৰ ১৬ গৰাকী, শিৱসেনাৰ ১০ গৰাকী, আৰু এন চি পিৰ ৮ গৰাকী সদস্যই কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। উল্লেখযোগ্য নেতাসকলৰ ভিতৰত মহাৰাষ্ট্ৰ বিজেপিৰ মুৰববী চন্দ্ৰশেখৰ বাৱনকুলে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ লগতে দলৰ নেতা ৰাধা কৃষ্ণ ভিখে পাৰ্টিল, চন্দ্ৰকান্ত পাৰ্টিল আৰু গিৰিশ মহাজনে কেবিনেট মন্ত্রী হিচাপে শপত লয়। এন চি পিৰ নেতা হাচান মছৰিফ আৰু শিৱসেনাৰ নেতা গোলাপ ৰাও পাৰ্টিলেও কেবিনেট মন্ত্রী হিচাপে শপত লয়। এই অনুষ্ঠানত মুখ্যমন্ত্রী দেবেন্দ্র ফাড়নাবীজ আৰু উপ মুখ্যমন্ত্রীদ্বয় একনাথ সিন্দে আৰু অজিত পাৱাৰো উপস্থিত থাকে। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰ বিধানসভাৰ শীতকালীন অধিবেশন কাইলৈ আৰম্ভ হব।
Site Admin | December 15, 2024 9:08 PM | maharastra