ডাউনলোড
মোবাইল এপ

android apple
signal

April 21, 2024 11:58 AM | Mahabir Jayanti

printer

মহাবীৰ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দেশবাসীক ওলগ

আজি মহাবীৰ জয়ন্তী। জৈন ধৰ্মৰ ২৪ সংখ্যক তীৰ্থাংকৰ ভগৱান মহাবীৰ জৈনৰ জয়ন্তী হিচাপে এই উৎসৱ পালন কৰা হয়। ভগৱান মহাবীৰে অহিংসা, সত্য, ব্ৰহ্মচৰ্য্য, অস্তেয়, সংযমৰ লেখীয়া জৈন আদৰ্শৰাজিৰ মাধ্যমেৰে শান্তিপূর্ণ সহাৱস্থান আৰু বিশ্ব ভাতৃত্ববোধৰ পথ দেখুৱাই থৈ গৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মহাবীৰ জয়ন্তী উপলক্ষে দেশৰ জনসাধাৰণ বিশেষকৈ জৈন ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কৈছে যে, অহিংসা আৰু কৰুণাৰ প্ৰতীক স্বৰূপ ভগৱান মহাবীৰৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি পালন কৰা এই উৎসৱে আমাক মৰম-ভালপোৱা আৰু শান্তিৰ বাৰ্তা দিয়ে। তেওঁ কয় যে, ভগৱান মহাবীৰে এখন আদৰ্শ আৰু সভ্য সমাজ গঢ়াৰ বাবে অহিংসা, ব্রহ্মচর্য্য, সত্য আৰু ত্যাগৰ পথ দেখুৱাই থৈ গৈছে আৰু তেওঁৰ শিকনিসমূহ মানৱ জাতিৰ কল্যাণৰ বাবে সদায় প্ৰাসংগিক হৈ থাকিব। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে মহাবীৰ জয়ন্তী উপলক্ষে সকলোকে মৰম-ভালপোৱা আৰু সম্প্ৰীতি বিয়পোৱাৰ বাবে অংগীকাৰবদ্ধ হ’বলৈ আৰু ৰাষ্ট্ৰৰ বিকাশৰ হকে নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনাইছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাবীৰ জয়ন্তীৰ পবিত্ৰ ক্ষণত আজি পুৱা নতুন দিল্লীৰ ভাৰত মণ্ডপমত ২,৫৫০ সংখ্যক ভগৱান মহাবীৰ নিৰ্বাণ মহোৎসৱ মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰিব। এই উপলক্ষে প্রধানমন্ত্রীয়ে এটা সমাৱেশক সম্বোধন কৰিব।

অধিক পঢ়ক

সকলো চাওক