মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ উপলক্ষে ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত বিভিন্ন কাৰ্যসূচী

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ উপলক্ষে আজি ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। মাজুলীৰ সত্ৰসমূহৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা থানত তিনিদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। গুৰুজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে সত্ৰপীঠ মাজুলীত ভক্তিসত বুৰ গৈছে। মাজুলীৰ সকলো সত্ৰ আৰু নামঘৰত ৩-৪ দিনীয়া কাৰ্যসূচীৰে জন্মোৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বিভিন্ন নামঘৰত বৰগীত, দিহানাম আৰু চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হয়। আজি পুৱাৰ ভাগত ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্রা অনুষ্ঠিত হোৱাৰ পাছত ধর্মালোচনী সভাৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক