October 27, 2024 8:21 PM | MGNREGA

printer

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ নিয়োগ ১৬ শতাংশ হ্রাস হোৱা বুলি প্ৰকাশিত বাতৰিক চৰকাৰৰ নস্যাৎ

চলিত বৰ্ষৰ প্ৰথম ছমাহত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ নিয়োগ ১৬ শতাংশ হ্রাস হোৱা বুলি কিছুসংখ্যক সংবাদমাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন চৰকাৰে আজি নস্যাৎ কৰিছে। এই আঁচনি চাহিদা ভিত্তিত পৰিচালিত বুলি উল্লেখ কৰি গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে যে, চলিত বিত্তীয় বর্ষ এতিয়াও অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত কৰ্মদিনৰ সংখ্যাৰ সঠিক লক্ষ্য নিৰ্ধাৰণ এতিয়াই কৰা সম্ভৱ নহয়। মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে যে ২০১৪-১৫ বৰ্ষৰ পৰা ২৪-২৫ বৰ্ষৰ ভিতৰৰ সময়ছোৱাত মুঠ কৰ্মদিনৰ সংখ্যা ২,৯২৩ কোটি হোৱাৰ বিপৰীতে ২০০৬-০৭ চনৰ পৰা ২০১৩-১৪ চনৰ মাজৰ সময়ছোৱাত এই কৰ্মদিনৰ সংখ্যা আছিল মাত্ৰ ১৬৬০ কোটি। এই আঁচনিৰ জৰিয়তে গ্রামাঞ্চল সমূহত একোটা বিত্তীয় বৰ্ষত প্ৰতিটো পৰিয়ালৰ শাৰীৰিক শ্ৰম কৰাৰ প্ৰতি আগ্রহী প্রাপ্তবয়স্ক সদস্যক কমেও এশটা কর্মদিন প্ৰদান কৰি জনসাধাৰণৰ জীৱিকাৰ সুৰক্ষা বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক