জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৭ সংখ্যক মৃত্যু বার্ষিকীত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে আজি মহাত্মা গান্ধীৰ স্মৃতি বিজড়িত দক্ষিণ মুম্বাইত অৱস্থিত মণি ভৱন দৰ্শন কৰে। ৰাজ্যপালগৰাকীয়ে গান্ধীজীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে এখন প্ৰাৰ্থনা সভাতো অংশ লয়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক মহাত্মা গান্ধীয়ে অনুসৰণ কৰা সত্য আৰু অহিংসাৰ পথ ল’বলৈও আহ্বান জনায়। উল্লেখযোগ্য যে ১৯১৭ চনৰ পৰা ১৯৩৪ চনলৈ দক্ষিণ মুম্বাইৰ এই মণি ভৱন গান্ধীজীৰ বাসগৃহ সদৃশ হৈ পৰিছিল। গান্ধীজীয়ে ১৯১৯ চনত সত্যাগ্ৰহ আৰু ১৯৩২ চনত আইন অমান্য আন্দোলন এই মণি ভৱনৰ পৰাই আৰম্ভ কৰিছিল।পুডুচেৰী চৰকাৰে মহাত্মা গান্ধীৰ মৃত্যু বার্ষিকীত জাতিৰ পিতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ বীচ্চ ৰোডত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত উপ-ৰাজ্যপাল কে কৈলাসনাথন আৰু মুখ্যমন্ত্ৰী এন ৰংগস্বামীয়ে শ্রদ্ধা নিবেদন কৰে। গান্ধীজীৰ প্ৰতি সন্মান জনাই ২ মিনিট সময় মৌনতা অৱলম্বন কৰা হয়। এই শ্রদ্ধাঞ্জলি অনুষ্ঠানত গান্ধী ধুনৰ লগতে দেশপ্ৰেমমূলক গীতো পৰিবেশন কৰা হয়। পুডুচেৰী বিধানসভাৰ অধ্যক্ষ আৰ ছেল্ভম, মন্ত্ৰীসকল আৰু বিধানসভাৰ অন্যান্য সদস্যসকল এই অনুষ্ঠানত উপস্থিত থাকে।
Site Admin | January 30, 2025 3:40 PM | Gandhiji | Mahatma Gandhi
মহাত্মা গান্ধীৰ স্মৃতি বিজড়িত দক্ষিণ মুম্বাইত অৱস্থিত মণি ভৱন দৰ্শন মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনৰ
