ডাউনলোড
মোবাইল এপ

android apple
signal

February 3, 2025 6:13 PM | Parliament Session

printer

মহাকুম্ভ মেলাত সংঘটিত ঘটনা সন্দৰ্ভত সংসদৰ উভয় সদনত হুলস্থূলীয়া পৰিবেশ

মহাকুম্ভ মেলাত সংঘটিত ঘটনা সন্দৰ্ভত বিৰোধী দলসমূহে আলোচনাৰ দাবী উত্থাপন কৰাক কেন্দ্ৰ কৰি সংসদৰ উভয় সদনত আজি হুলস্থূলীয়া পৰিবেশৰ উদ্ভৱ হয়। লোকসভাত আজি পুৱা সদনৰ কাম-কাজ আৰম্ভ হোৱা সময়তে বিৰোধী দলসমূহে প্ৰয়াগৰাজৰ মহাকুম্ভত ব্যৱস্থাপনাৰ ক্ষেত্ৰত খেলি-মেলি হোৱাৰ অভিযোগ উত্থাপন কৰি শ্লোগান দিবলৈ আৰম্ভ কৰে। সদনৰ অধ্যক্ষ ওম বিৰলাই কয় যে ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত দিয়া তেওঁৰ ভাষণত মহাকুম্ভৰ বিষয়টো উল্লেখ কৰিছে। সাংসদসকলে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ বিষয়ে আলোচনাৰ সময়ত তেওঁলোকৰ মতামত প্ৰকাশ কৰিব পাৰিব বুলি উল্লেখ কৰি তেওঁ সাংসদসকলক সদনৰ মৰ্যাদা ৰক্ষা কৰাৰ লগতে ইয়াৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাত সহায় কৰিবলৈ আহ্বান জনায়। তৎসত্ত্বেও কংগ্ৰেছ, ডি এম কে, সমাজবাদী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে প্ৰতিবাদ আব্যাহত ৰাখে। এনে পৰিস্থিতিৰ মাজতে সদনৰ শূণ্যকাল আৰম্ভ কৰা হয় যদিও বিৰোধী পক্ষৰ সাংসদসকলে কিছু সময়ৰ বাবে সদন ত্যাগ কৰে।
একেদৰে ৰাজ্যসভাতো দিনটোৰ বাবে সদন মিলিত হোৱাৰ সময়ত বিৰোধী দলৰ সদস্যসকলে বিষয়টোক লৈ শ্লোগান দিবলৈ আৰম্ভ কৰে যদিও সভাপতি জগদীপ ধনখড়ে মহাকুম্ভৰ ঘটনা আৰু অন্যান্য বিষয়ক লৈ বিৰোধী দলসমূহে উত্থাপন কৰা সদন স্থগিত ৰখাৰ জাননীৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰে। এনে প্ৰেক্ষাপটত কংগ্ৰেছ, সমাজবাদী পাৰ্টী, শিৱসেনাৰ ইউ বি টি গোট, আৰ জে ডি আৰু অন্যান্য বিৰোধী দলসমূহৰ সাংসদসকলে সদন ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এনে হুলস্থূলীয়া পৰিবেশৰ মাজতেই উভয় সদনৰ তালিকাভুক্ত কাৰ্যসূচীসমূহ অব্যাহত থাকে।

অধিক পঢ়ক

সকলো চাওক