উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত অহা ৪ ফেব্ৰুৱাৰী পৰ্যন্ত বাহনৰ চলাচল শূন্য কৰি ৰখাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে সিদ্ধান্ত লৈছে। ভক্তসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। আকাশবাণী বাতৰি বিভাগৰ সৈতে আচুতীয়া কথা-বতৰাত প্ৰয়াগৰাজৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অংশুমান মিত্রই প্রকাশ কৰা মতে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহনসমূহহে মেলালৈ চলাচলৰ অনুমতি দিয়া হ’ব। উল্লেখযোগ্য যে কালি মেলাথলীত পদপিষ্ট হৈ অসমৰ এগৰাকী ব্যক্তিৰ লগতে ৩০ গৰাকীৰো অধিক ব্যক্তি নিহত হয়। মহাকুম্ভ মেলাৰ মৌনী অমাৱস্যাৰ নিশা গংগাৰ ত্ৰিবেণী সংগমস্থলীত পূণ্যস্নান কৰিবলৈ গৈ পদপিষ্ট হৈ প্ৰাণ হেৰুৱাবলগীয়া হাইলাকান্দিৰ নীতি ৰঞ্জন পাল পেচাত এগৰাকী ব্যৱসায়ী আছিল। মেলাথলীত পদপিষ্ট হৈ আঘাতপ্রাপ্ত পালক সংকটজনক অৱস্থাত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ৬৪ বছৰীয়া নীতি ৰঞ্জন পাল তেওঁ পত্নীৰ সৈতে প্ৰয়াগৰাজলৈ গৈছিল। অসম চৰকাৰে পালৰ পৰিয়াললৈ সমবেদনা জনাইছে আৰু ৫ লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ দিয়াৰো আশ্বাস দিছে। ইপিনে মৃত নীতি ৰঞ্জন পালৰ প্ৰয়াগৰাজতে অন্ত্যেষ্টিক্রিয়া সম্পন্ন হ’ব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।মহাকুম্ভ মেলাত সংঘটিত এই শোকাবহ দুৰ্ঘটনাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্রকাশ কৰিছে। তেওঁ প্ৰাণ হেৰুওৱা দুৰ্ভগীয়া পৰিয়ালসমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। এই ঘটনা সন্দৰ্ভত তেওঁ উত্তৰ প্ৰদেশ চৰকাৰৰ লগত অহৰহ যোগাযোগ ৰাখিছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।
Site Admin | January 30, 2025 4:45 PM | Kumbh Mela | Maha Kumbh | Uttar Pradesh
মহাকুম্ভ মেলাত অহা ৪ ফেব্ৰুৱাৰী পৰ্যন্ত বাহনৰ চলাচল শূন্য কৰি ৰখাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰৰ সিদ্ধান্ত
