মহাকুম্ভলৈ যোৱা ভক্ত আৰু দৰ্শনাৰ্থীসকলৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত সু-ব্যৱস্থা নিশ্চিতকৰণৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি প্ৰয়াগৰাজ মেলা কৰ্তৃপক্ষই মহাকুম্ভৰ পেৰেড গ্ৰাউণ্ডত ১০০ খন বিছনাযুক্ত এখন চিকিৎসালয় গঢ়ি তুলিছে। ইয়াৰ লগতে দেশী-বিদেশী ভক্তসকলৰ সুবিধা হোৱাকৈ মেলা অনুষ্ঠিত হোৱা অঞ্চলত আন দুখন হাস্পাতালৰো ব্যৱস্থা কৰা হৈছে। এই হাস্পাতালসমূহত বিনামূলীয়াকৈ সকলো ধৰণৰ চিকিৎসা সেৱা প্ৰদান কৰা হৈছে বুলি আকাশবাণীৰ প্ৰয়াগৰাজৰ সংবাদদাতাই প্ৰকাশ কৰিছে।
Site Admin | January 17, 2025 8:06 PM | Mahakumbha Mela
মহাকুম্ভলৈ যোৱা ভক্ত আৰু দৰ্শনাৰ্থীসকলৰ চিকিৎসা সেৱাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ
