মহাকাশ সম্পৰ্কীয় ষ্টার্ট আপসমূহ ত্বৰান্বিত কৰিবলৈ ১০০০ কোটি টকাৰ পুঁজিৰ ব্যৱস্থা কৰা হৈছে: জিতেন্দ্র সিঙ

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্র সিঙে কৈছে যে, মহাকাশ সম্পৰ্কীয় ষ্টার্ট আপসমূহ ত্বৰান্বিত কৰিবলৈ এহেজাৰ কোটি টকাৰ পুঁজিৰ ব্যৱস্থা কৰা হৈছে। নতুন দিল্লীত মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে মতপ্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, দেশত মহাকাশ সম্পৰ্কীয় ষ্টাৰ্ট আপৰ সংখ্যা বিগত ১০ বছৰত ডেৰ লাখতকৈ অধিক হৈ পৰাৰ জৰিয়তে বিশ্বত এই ক্ষেত্ৰত ভাৰতৰ স্থান তৃতীয়লৈ উন্নীত হৈছে। তেওঁ লগতে সদৰী কৰে যে, অতি কম সময়ৰ ভিতৰত মহাকাশ খণ্ডত একক সংখ্যাৰ পৰা দুই শতাধিক মহাকাশ সম্পৰ্কীয় ষ্টার্ট আপৰ সূচনা হৈছে। নৰেন্দ্ৰ মোদী চৰকাৰে মহাকাশ খণ্ডত ১০০ শতাংশ প্রত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি প্রদান কৰাৰ জৰিয়তে নতুন উদ্যমী তথা পদক্ষেপসমূহ উপকৃত হৈছে।

অধিক পঢ়ক

সকলো চাওক