ছিৰিয়াত মহম্মদ অল-বছিৰক অন্তৱৰ্তীকালীন চৰকাৰৰ ভাৰপ্ৰাপ্ত প্রধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। টেলিভিছনযোগে দিয়া এটা বাৰ্তাত বছিৰে কয় যে কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতি বছাৰ অল-আছাদক উৎখাত কৰা প্ৰাক্তন বিদ্রোহীসকলৰ সমৰ্থনত তেওঁ অহা বছৰৰ ১ মার্চ পর্যন্ত এই অন্তৱৰ্ত্তীকালীন শাসনৰ নেতৃত্বত দিব। ডামাস্কাত সংঘটিত হোৱা ১২ দিনীয়া আক্ৰমণৰ পূৰ্বে অল-বছিৰে বিদ্ৰোহী নেতৃত্বাধীন মুক্তি চৰকাৰৰ গুৰি ধৰিছিল। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ছিৰিয়াৰ বেছিভাগ অঞ্চলতে কম পৰিচিত ব্যক্তি মহম্মদ অল-বছিৰে বিদ্ৰোহীসকলৰ দ্বাৰা নিয়ন্ত্ৰিত উত্তৰ-পশ্চিমৰ এখন সৰু ঠাইত প্ৰশাসন ব্যৱস্থা চলাইছিল।
Site Admin | December 11, 2024 1:49 PM | Syrian civil war