পেৰিছ অলিম্পিকৰ পৰা ভাৰতীয় মল্লযুঁজাৰু ৱিনেশ ফোগটক অযোগ্য ঘোষণা কৰা বিষয়টোৰ প্ৰতিবাদ কৰি আজি ৰাজ্যসভাৰ বিৰোধী দলৰ সদস্যসকলে সদন ত্যাগ কৰে। বিৰোধী দলপতি মল্লিকার্জুন খাৰ্গেই আজি পুৱা সদনৰ আৰম্ভণিতে বিষয়টো উত্থাপন কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁক অনুমতি দিয়া নহ’ল। পাছত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ডি এম কে, আৰ জে ডি আৰু আন বিৰোধী দলৰ সদস্যসকলে সদন বৰ্জন কৰে। ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে বিৰোধীৰ এনে আচৰণত আপত্তি জনাই তৃণমূল কংগ্ৰছৰ সাংসদ ডেকে অ’ব্ৰায়নক গৰিহণা দিয়াৰ লগতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সতর্কবাণী প্ৰদান কৰে। শ্ৰী ধনখড়ে কয় যে অলিম্পিকৰ দৰে এখন মঞ্চত পদক জয়ৰ পূৰ্ণ সম্ভাৱনা থকা ৱিনেশ ফোগট অযোগ্য ঘোষিত হোৱাত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি সমগ্ৰ দেশৰ লগতে তেওঁ নিজেও মনোকষ্ট পাইছে আৰু এই সময়ত ঘটনাটোৰ ৰাজনীতিকৰণে মল্লযুঁজাৰুগৰাকীৰ সন্মানত আঘাত দিব। তেওঁ কয় যে হাৰিয়ানা চৰকাৰে ইতিমধ্যে খেলুৱৈগৰাকীক বিজেতাৰ দৰে সকলোধৰণে সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰিছে। আনহাতে, জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাইও বিৰোধীৰ আচৰণক নিন্দা কৰে। তেওঁ অধ্যক্ষৰ প্ৰতি কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ সদস্যসকলৰ আচৰণৰ বিৰোধিতা কৰি কয় যে সমগ্র দেশ এই মুহূৰ্তত ৱিনেশ ফোগটৰ লগত আছে আৰু বিৰোধীয়ে চৰকাৰৰ বিপক্ষে মাত মাতিবলৈ আন বিষয় নথকাত এই বিষয়টোকে বাছি লৈছে বুলিও জে পি নাড্ডাই অভিযোগ উত্থাপন কৰে।
Site Admin | August 8, 2024 2:07 PM | Parliament Session | Rajya Sabha