ডাউনলোড
মোবাইল এপ

android apple
signal

মন কী বাত অনুষ্ঠানৰ যোগেদি প্ৰধানমন্ত্ৰী মোদীৰ মনৰ ভাৱ ব্যক্ত

■ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি কেইদিনমানৰ পাছতেই ভাৰতৰ কেইবাখনো ৰাজ্যত আৰম্ভ হ’বলগীয়া নৱবৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। দেশ-বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ বিভিন্ন ৰাজ্যত বিশেষকৈ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত উগাড়ী উৎসৱ পালন কৰা হৈছে। আজি মহাৰাষ্ট্ৰত পালন কৰা গুড়ী পৰোৱা উৎসৱৰ কথা উল্লেখ কৰি তেওঁ কয়, যে বৈচিত্ৰতাৰে ভৰা আমাৰ দেশত কেইদিনমানৰ পাছতে অসমত ৰঙালী বিহু, পশ্চিমবংগত পহিলা বৈশাখ আৰু কাশ্মীৰত নৱৰেহ উৎসৱ পালন কৰা হ’ব। এনেকৈয়ে অহা ১৩ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ দেশৰ সকলো ঠাই উৎসৱমুখৰ হৈ পৰিব। সমাগত ঈদ উৎসৱৰ বিষয়ে উল্লেখ কৰি তেওঁ এই উৎসৱসমূহৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।
আজিৰ মন কী বাত অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে শিকিবৰ বাবে বৰ্তমান বহু নতুন নতুন উপায় ওলাইছে। কোনোবাই টেকনলজি কেম্পৰ আয়োজন কৰিছে য’ত ছাত্ৰ-ছাত্ৰীয়ে এপ বনাবলৈ শিকাৰ লগতে অ’পেন চোৰ্চ ছফটৱেৰ সম্পৰ্কেও জানিব পাৰিব। সেইদৰে গৰম বন্ধৰ সসময়ছোৱাত পৰিবেশ, নাটক, নেতৃত্ব আদি বিভিন্ন বিষয়ৰ প্ৰশিক্ষণৰো আয়োজন কৰা হয়। কোনো সংগঠন, বিদ্যালয় বা সামাজিক সংস্থাই যদি এনে কাৰ্যৰ আয়োজন কৰিছে তেনেহলে সেই কথা #myholidays ৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে অনুৰোধ জনাইছে। প্রধানমন্ত্ৰী মোদীয়ে মাই ভাৰত পোৰ্টেলৰ কেলেণ্ডাৰখনৰ বিষয়ে বিশেষভাবে উল্লেখ কৰি কয় যে এই কেলেণ্ডাৰ গৰম বন্ধৰ কথা মনত ৰাখি তৈয়াৰ কৰা হৈছে ৷ ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ অভিভাৱকসকলক গৰমৰ বন্ধৰ অভিজ্ঞতাবোৰ #holidaymemories ৰ জৰিয়তে ছেয়াৰ কৰিবলৈ অনুৰোধ জনাইছে।
আজিৰ ভাষণত প্রধানমন্ত্ৰীগৰাকীয়ে বৰষুণৰ পানী সংৰক্ষণ কৰাৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে জলশক্তি মন্ত্ৰালয়ৰ লগতে বিভিন্ন সংগঠনে পানী সংৰক্ষণৰ বাবে কাম কৰিবলৈ প্ৰস্তুতি চলাইছে। দেশত হাজাৰ হাজাৰ কৃত্ৰিম পুখুৰী, চেক দেম, বৰৱেল ৰিচাৰ্ছ আৰু কমিউনিটি চকপিত নিৰ্মাণ কৰা হৈছে। এইবছৰো পানী সংৰক্ষণৰ বাবে Catch the rain অভিযানৰ প্ৰস্তুতিৰ বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে এই অভিযান চৰকাৰৰ নহয়, বৰং ৰাইজৰহে। জল সংৰক্ষণ কাৰ্যত অধিক লোকক জড়িত কৰাবৰ বাবে জল সঞ্চয়, জন সহযোগ অভিযানো চলোৱা হৈছে। এই অভিযানবোৰৰ উদ্দেশ্যে হৈছে আমি লাভ কৰা প্ৰাকৃতিক সম্পদসমূহ পৰৱৰ্তী প্ৰজন্মৰ বাবে সংৰক্ষণ কৰা। তেওঁ পানী সংৰক্ষণৰ ক্ষেত্ৰত বিগত কেইটামান বছৰত দেশত অভূতপূৰ্ব প্ৰয়াসৰ কথা উল্লেখ কৰি কয়, যে বিগত ৭-৮ বছৰত নতুনকৈ খন্দোৱা পুখুৰী আৰু অন্যান্য কৃত্রিম জলাশয়ৰ সহায়ত এঘাৰ বিনিয়ন কিউবিক মিটাৰতকৈ বেছি পানী সংৰক্ষণ কৰা হৈছে। পানী সংৰক্ষণৰ ক্ষেত্ৰত কৰ্ণাটকৰ গদগ জিলাবাসীৰ উদাহৰণ দাঙি ধৰি তেঁও কয় যে কিছুবছৰ পূৰ্বে সেই অঞ্চলত হৃদসমূহ শুকাই যোৱাৰ ফলত খোৱাপানীৰ অভাৱ হৈছিল। কিন্তু গাওঁবাসীয়ে হ্ৰদসমূহ পুনৰউজ্জীৱিত কৰাৰ সংকল্প লৈ এই কামত সক্রিয়ভাৱে জড়িত হৈ পৰিল। হ্ৰদত গজা উঠা ঘাঁহ বন, জাৱৰ নিষ্কাষণ কৰি সকলোৱে বাৰিষা বতৰৰ বাবে অপেক্ষা কৰিছে যাতে বাৰিষাৰ বতৰত বৰষুণৰ পানী সংগ্ৰহ কৰিব পাৰে। Catch the rain অভিযানৰ এয়া এখক সুন্দৰ নিদৰ্শন বুলি উল্লেখ কৰি প্ৰধানমন্ত্রী শ্রীমোদীয়ে দেশবাসীক এনে প্ৰয়াসৰ সৈতে জড়িত হ’বলৈ আহ্বান জনায়।
মন কী বাত অনুষ্ঠানত প্রধানমন্ত্ৰীয়ে খেলো ইণ্ডিয়া পেৰা গেমছৰ সফলতাৰ বাবে খেলুৱৈসকলৰ একাগ্ৰতা আৰু প্ৰতিভাৰ প্ৰশংসা কৰে। পেৰা খেল জনপ্ৰিয় হৈ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই খেলত এইবাৰ পূৰ্বতকৈ অধিক খেলুৱৈয়ে অংশগ্রহণ কৰলিছে। তেওঁ হাৰিয়ানা, তামিলনাডু আৰু উত্তৰ প্ৰদেশৰ খেলুৱৈসকলক প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰাৰ বাবে বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছে। এইবাৰৰ খেলত দিব্যাংগ খেলুৱৈসকলে ১৮ টাকৈ আন্তঃর্জাতিক অভিলেখ গঢ়াৰ বিষয়ে উল্লেখ কৰি ইয়াৰে ১২ টাত মহিলা খেলুৱৈৰ নাম থকা বুলি শ্রীমোদীয়ে প্ৰকাশ কৰে। খেলো ইণ্ডিয়া পেৰাগেমছত সোণৰ পদকপ্রাপ্ত আৰ্মৰেষ্টলাৰ জাবী মেথিউৱে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰৰ কথা উল্লেখ কৰি তেওঁ ইয়াৰে কিছু অংশ অনুষ্ঠানত পাঠ কৰি দিয়ে। পত্ৰখনত জাবি মেথিউৱে দিব্যাংগসকলে প্রতিদিনে এখন যুঁজত অৱতীৰ্ণ হব লগাৰ কথা উল্লেখ কৰি কয় যে বহু কম লোকেহে তেওঁলোকৰ সংগ্ৰাম বুজি পায়। তথাপি দিব্যাংগসকলে সাহসেৰে আগুৱাই গৈ নিজৰ সপোন বাস্তৱ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। জাবি মেথিউৰ এই পত্ৰ প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰি কয় যে দিব্যাংগসকলৰ প্ৰয়াস আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস। ফিট ইণ্ডিয়া কার্ণিভেলৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে এই আড়ম্বৰপূৰ্ণ আয়োজনত বিভিন্ন ক্ষেত্ৰত ২৫ হাজাৰ লোকে অংশগ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই আয়োজনৰ লক্ষ্য হৈছে শৰীৰ সুস্থ ৰখা আৰু সকলোকে এই কাৰ্যৰ বাবে সজাগ কৰি তোলা। আন্তঃৰ্জাতিক যোগ দিৱসৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্রী মোদীয়ে কয় যে যোগ দিৱসৰ বাবে আৰু এশতকৈও কম দিন বাকী আছে। বর্তমান আন্তঃর্জাতিক যোগ দিৱস এটা বৃহৎ যোগ মহোৎসৱলৈ পৰিণত হৈছে আৰু ভাৰতৰ এই অমূল্য বৰঙণিয়ে ভৱিষ্যতৰ দিনবোৰত মানৱ জাতিৰ বহু উপকাৰ সাধিব বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। এই বৰ্ষৰ যোগ দিৱসৰ মূল বাণী হৈছে যোগা ফৰ ওৱান আর্থ -ওৱান হেল্থ অর্থাৎ‍ আমি যোগৰ জৰিয়তে সমগ্ৰ বিশ্বৰে স্বাস্থ্যৰ উৎকৰ্ষ কামনা কৰো। তেওঁ আমাৰ যোগ আৰু পৰম্পৰাগত ভেষজ সম্পৰ্কে বিশ্বৰ অনুসন্ধিৎসা ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰাৰ বিষয়ে উল্লেখ কৰি কয় যে যুৱ সম্প্ৰদায়ৰ এক বৃহৎ অংশই যোগ আৰু আয়ুর্বেদীয় পদ্ধতিক এটা উত্তম ব্যৱস্থাৰূপে গ্ৰহণ কৰিছে। Somos India নামৰ এটা দলৰ বিষয়ে উল্লেখ কৰি কয় যে এই দলটোৱে বিগত এটা দশকজুৰি যোগ আৰু আয়ুৰ্বেদক জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা চলাই আহিছে।
শ্ৰীমোদীয়ে তেওঁৰ শেহতীয়া মৰিচাচ আৰু গায়ানা ভ্ৰমণৰ কথা উল্লেখ কৰে। মৰিচাচৰ গীত গবই আৰু গায়ানাৰ চৌতাল প্ৰদৰ্শনে তেওঁক আকৃষ্ট কৰাৰ কথাও উল্লেখ কৰে। ফিজিৰ জনপ্ৰিয় ফগুৱা চৌতাল গীতৰ কথা উল্লেখ কৰি তেনেবোৰ দেশত ভাৰতীয় সংস্কৃতি সংৰক্ষণ কৰাৰ বাবে কাম কৰি অহা বিভিন্ন সংগঠনৰ বিষয়ে তেওঁ কয়। ছিংগাপুৰ ফাইন আৰ্টছ ছোচাইটি নামৰ সংগঠনটোৱে ভাৰতীয় নৃত্য, সংগীত আৰু সংস্কৃতি সংৰক্ষণ কৰা কাম আত্মনিয়োগ কৰি আহিছে বুলিও তেওঁ জানিবলৈ দিয়ে। বস্ত্ৰ আৱৰ্জনা, বর্তমান এক প্ৰত্যাহ্বান হৈ পৰিছে বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয় যে বিশ্বৰ আটাইতকৈ বেছি বস্ত্ৰ আৱৰ্জনা উৎপন্ন কৰা দেশৰ ভিতৰত ভাৰতৰ স্থান তৃতীয়। এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আমাৰ দেশে প্রশংসনীয় পদক্ষেপ লৈছে। ভাৰতৰ কেইটাবাও ষ্টার্ট আপ কোম্পানীয়ে ইতিমধ্যে টেক্সটাইল ৰিক’ভাৰী ফেছেলিটিৰ দিশত কাম আৰম্ভ কৰিছে। বয়ন শিল্পীসকলক সৱলীকৰণৰ প্ৰচেষ্টা চলাই কিছুসংখ্যক উদ্যমীয়ে বহনক্ষম ফেশ্বনৰ সৈতে সংযুক্ত হৈ পৰিছে। এই ষ্টার্টআপসমূহে পুৰণি বস্ত্ৰ, জোতা চেণ্ডেল আদি পুনঃ ব্যৱহাৰযোগ্য কৰি অভাৱী লোকৰ মাজত বিতৰণ কৰিছে। আজিৰ অনুষ্ঠানত তেওঁ ফুলৰ বিষয়েও উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ এয়া আছিল ১২০ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী- দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবচাইট আৰু নিউজ অন এয়াৰ ম’বাইল এপতো প্ৰচাৰ কৰা হৈছে। আকাশবাণী গুৱাহাটীয়ে এই অনুষ্ঠানৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিছে।

অধিক পঢ়ক

সকলো চাওক