আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ ভাৰতী, আকাশবাণী আৰু দূৰদৰ্শনক কৰা প্ৰশংসাৰ বাবে প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত চেহগালে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীচেহগালে প্রধানমন্ত্ৰী এই প্ৰশংসা প্ৰচাৰ ভাৰতী, দূৰদৰ্শন আৰু আকাশবাণীৰ সকলো সদস্যৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতাৰ যাত্ৰাত সহযাত্ৰী হ’বলৈ পাই তেওঁলোক গর্বিত বুলি শ্ৰীচেহগালে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীৰ এই বার্তাই সমগ্ৰ প্ৰচাৰ ভাৰতীৰ পৰিয়ালক নতুন শক্তি আৰু উদ্যমেৰে কাম কৰিবলৈ প্ৰেৰণা যোগাব বুলিও তেওঁ উল্লেখ কৰে।
Site Admin | September 29, 2024 8:40 PM | Mann Ki Baat
মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ ভাৰতী, আকাশবাণী আৰু দূৰদৰ্শনক কৰা প্ৰশংসাৰ বাবে প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত চেহগালৰ কৃতজ্ঞতা জ্ঞাপন
