ডাউনলোড
মোবাইল এপ

android apple
signal

January 10, 2025 1:36 PM | Annapurna Devi

printer

মন্ত্ৰী অন্নপূর্ণা দেৱীৰ তিনিদিনীয়া চিন্তন শিবিৰ মুকলি

মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে আজি ৰাজস্থানৰ উদয়পুৰত এটা তিনিদিনীয়া চিন্তন শিৱিৰ মুকলি কৰিব। এই শিৱিৰত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিনিধিৰ সৈতে সমগ্ৰ দেশৰ মহিলা তথা শিশুৰ সামগ্রিক বিকাশ আৰু কল্যাণৰ সৈতে জড়িত বিষয়সমূহক লৈ আলোচনা কৰা হ’ব। এই শিৱিৰে প্ৰত্যাহ্বান দূৰ কৰাৰ, দিহা পৰামৰ্শ আগবঢ়োৱাৰ আৰু যৌথভাৱে সমস্যা সমাধানৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত হোৱাৰ মঞ্চ প্ৰদান কৰে যাতে চৰকাৰে ৰূপায়ণ কৰা কাৰ্যসূচীসমূহে নিৰ্ধাৰিত জনসাধাৰণৰ আৱশ্যকতা পূৰণ কৰিব পাৰে। অনুষ্ঠানত মহিলা আৰু শিশু বিকাশ ৰাজ্যমন্ত্ৰী সাৱিত্ৰী ঠাকুৰ, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মা, উপ মুখ্যমন্ত্ৰী দিয়া কুমাৰী আৰু ৰাজ্যখনৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকিব।

অধিক পঢ়ক

সকলো চাওক