অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আজি গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয়, যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সামান্য হ’ব আৰু বৰাক উপত্যকাৰ পৰা নিৰ্বাচিত এজন বিধায়কক মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰা হ’ব।
মুখ্যমন্ত্ৰী শৰ্মাই কয়, যে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য বৰ্তমান অন্তিম পৰ্যায়ত আছে আৰু অহা বছৰৰ জুলাই মাহৰ ভিতৰত এই দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব। অৱশ্যে এই দলংখন অহা বছৰৰ অক্টোবৰ মাহতহে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব। এই দলঙৰ শুল্কৰ হাৰ সম্পৰ্কত মুখ্যমন্ত্রীয়ে বক্তব্য আগবঢ়ায়।
নাৰেঙ্গী আৰু কুৰুৱা সংযোগী দলং আৰু প্ৰস্তাৱিত গুৱাহাটীৰ ৰিং ৰোড সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয়, যে অহা বছৰৰ ২৪ ফেব্ৰুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণলৈ আহিব আৰু সেই সময়তে এই দলং আৰু ৰিং ৰোডৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰিবলৈ প্ৰধানমন্ত্ৰীক অসম চৰকাৰে অনুৰোধ জনাব।
Site Admin | November 28, 2024 7:31 PM | Chief Minister Himanta Biswa Sarma | himanta bisha sarma