দিছপুৰ লোককল্যাণ ভৱনত অনুষ্ঠিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শর্মাই কেবিনেট সিদ্ধান্ত সন্দৰ্ভত কয় যে বিটিআৰত নতুনকৈ ১৬খন গাওঁ অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। পূৰ্বে বিটিআৰত ৪০খনতকৈও অধিক গাওঁ অন্তর্ভুক্ত কৰা হৈছিল। উল্লেখযোগ্য যে যোৱা বছৰে চৰকাৰে বিটিআৰত নতুনকৈ ৬০খন গাওঁ অন্তৰ্ভুক্ত কৰাৰ কথা প্ৰকাশ কৰিছিল। আজি কেবিনেট বৈঠকতে গণিতৰ স্নাতক শিক্ষক নামেৰে এটা নতুন পদ সৃষ্টি কৰা হৈছে বুলি জানিবলৈ দিয়ে। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ স্থানীয় মাধ্যমত কেইবাখনো ভাল বিদ্যালয় গঢ়ি উঠিছে বুলি প্ৰকাশ কৰি কয় যে এনে বিদ্যালয়সমূহত ২৫শতাংশ আসন চৰকাৰে ল’ব পাৰে নেকি তেনে ধৰণৰ এটা পৰামৰ্শ শিক্ষা বিভাগক দিয়া হৈছে। পৰামৰ্শ অনুসৰি শিক্ষাৰ্থীয়ে যাতে গুণগত শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে প্ৰয়োজনীয় মাচুল চৰকাৰে বহন কৰিব। অৱশ্যে এনে সুবিধাৰ পৰা ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ বঞ্চিত হ’ব। কেবিনেটৰ আন এটা সিদ্ধান্ত লোৱা অনুসৰি কাৰোবাৰ আয়কৰ ৫লাখ টকাৰ অধিক হ’লে তেওঁলোকক ছফটৱেৰ যোগ জাননি দিয়া হ’ব। ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সুবিধাৰ বাবে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে, কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকক কৰা সম্বোধনতে মেঘালয়ৰ ইউএছটিএম নামৰ শিক্ষা প্ৰতিষ্ঠানটোক পুনৰ সমালোচনা কৰে। প্ৰতিষ্ঠানটোৱে স্থপতিবিদৰ পৰামৰ্শ নোলোৱাকৈ নিৰ্মাণ কাৰ্য কৰাৰ লগতে বেয়াকৈ পাহাৰ খান্দিছে বুলি তেওঁ উল্লেখ কৰে। যোৱা দুবছৰে পাহাৰৰ মাটি অধিক খন্দাৰ বাবে নামনিত ইয়াৰ প্ৰভাৱ পৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পতাৰ কথাও উল্লেখ কৰে ।
Site Admin | August 9, 2024 8:14 PM | Cabinet Decision