মধ্য প্ৰদেশৰ শিৱপুৰীৰ মাতাটিলা বান্ধত কালি সন্ধিয়া এখন নাও ডুব যোৱাৰ পাছৰেপৰা সন্ধানহীন হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। সন্ধানহীন ১৫ জনৰ ভিতৰত ৮ জন লোকক কালি নিৰাপদে উদ্ধাৰ কৰা হয় আৰু ৫ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। এই লোকসকলে নাৱেৰে মাতাটিলা বান্ধৰ জলাশয়ত থকা এটা মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদৱে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।
Site Admin | March 19, 2025 6:49 PM | Boad Accident | Madhya Pradesh
মধ্য প্ৰদেশৰ শিৱপুৰীৰ মাতাটিলা বান্ধত নাও দুৰ্ঘটনাত সন্ধানহীন লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত
