মধ্য প্ৰদেশৰ গোৱালিয়ৰত আজি উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে এটা ভূ-বিজ্ঞান সংগ্ৰহালয় উদ্বোধন কৰে। এই অত্যাধুনিক সংগ্রহালয়টো ভূ-বিজ্ঞান শিক্ষা আৰু জনসংযোগৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব। এনে ধৰণৰ সংগ্রহালয়ে ভাৰতীয় ভূতাত্বিক জৰীপৰ অনন্য পদক্ষেপক প্রতিনিধিত্ব কৰি ভূ-বিজ্ঞানৰ আপৰুগীয়া সমলসমূহ প্ৰদৰ্শনৰ লগতে জনসাধাৰণৰ মাজত বিজ্ঞান মানসিকতাৰ প্ৰসাৰ আৰু জ্ঞানৰ বিনিময়ক উৎসাহিত কৰিব । উপ ৰাষ্ট্ৰপতিগৰাকীয়ে মধ্য প্ৰদেশৰ জীৱাজী বিশ্ববিদ্যালয়ত মহাৰাজা শ্ৰীমন্ত জীৱাজী ৰাও সিন্ধিয়াৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে। এই অনুষ্ঠানত মধ্য প্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল, মুখ্য মন্ত্ৰী ড° মোহন যাদৱ আৰু কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
Site Admin | December 15, 2024 9:00 PM | Vice President