মধ্য প্ৰদেশৰ কুন’ ৰাষ্ট্ৰীয় উদ্যানত ৰখা আফ্রিকীয় চিতাবাঘকেইটা বনত মুক্ত বিচৰণৰ বাবে মুকলি কৰি দিয়া হ’ব

মধ্য প্ৰদেশৰ কুন’ ৰাষ্ট্ৰীয় উদ্যানত ৰখা আফ্রিকীয় চিতাবাঘকেইটা বনত মুক্ত বিচৰণৰ বাবে মুকলি কৰি দিয়া হ’ব। পৰিবেশ মন্ত্ৰালয়ৰ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰৰ চিতা প্ৰকল্প পৰিচালনা সমিতিৰ পৰামৰ্শ অনুসৰি পোৱালীসহ চিতাবাঘকেইটা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পর্যায়ক্রমে বাঘকেইটা মুকলি কৰি দিয়া হ’ব। সদ্যহতে ৰাষ্ট্ৰীয় উদ্যানখনত ১২ টা পোৱালীসহ ২৪ টা চিতাবাঘ আছে। চৰকাৰে দেশলৈ অধিক চিতাবাঘ লৈ অহা সন্দৰ্ভত বিভিন্ন দেশৰ সৈতে আলোচনা অব্যাহত ৰাখিছে। ইপিনে, পৰিবেশ, বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰৰ য়াদৱে নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দেশজুৰি মাতৃৰ নামত এজোপা গছ পদক্ষেপৰ অধীনত প্রায় ৯৩ কোটি গছপুলি ৰোপণ কৰা হৈছে বুলি সদৰি কৰিছে। এই পদক্ষেপক সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা বিষয়া, সমাজকর্মী তথা জনসাধাৰণক তেওঁ প্ৰশংসা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বিশ্বই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ভিতৰত জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰৰ হানি তথা ভূমিৰ উৰ্বৰতা হ্ৰাস হৈছে অন্যতম। মন্ত্ৰীগৰাকীয়ে বহনক্ষম পৰিবেশ গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি সদৰি কৰে। নৱীকৰণযোগ্য শক্তি, কার্বন নির্গমন হ্রাস তথা প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰাকে ধৰি বিভিন্ন পদক্ষেপৰ জৰিয়তে এখন সেউজীয়া পৃথিৱী গঢ়ি তোলাৰ বাবে চৰকাৰে নিয়মিতভাৱে কাম কৰি আছে বুলি তেওঁ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক