প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি ৰ গন্দৰৱাল জিলাত অভিলাষী সোণমার্গ সুৰংগ প্রকল্প উদ্বোধন কৰে। এই সুৰংগটোৰে শ্রীনগৰ, সোণমাৰ্গ আৰু লেহৰ মাজত সকলো বতৰতে সুচল যাতায়াতত সহায় কৰাৰ লগতে গগনগীৰ আৰু সোণমাৰ্গৰ মাজত যাতায়াতৰ সময় ২০-২৫ মিনিটলৈ হ্রাস কৰিব। এই সুৰংগই লাডাখ অভিমুখী দুর্গম পথ ভূমিস্খলন আৰু তুষাৰপাতৰ সমস্যাৰ সন্মুখীন নোহোৱাকৈ সুৰক্ষিতভাৱে অতিক্রম কৰাত সহায় কৰিব। দুহেজাৰ ৭০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্রকল্পটোৰ কাম ২০১৫ চনত আৰম্ভ কৰা হয় আৰু যোৱা বছৰ ইয়াৰ নিৰ্মাণৰ কাম সম্পূর্ণ হয়। এই প্রকল্পটোৱে সোণমাৰ্গৰ মূল সূৰংগ, সুৰংগৰ প্ৰস্থান পথ আৰু সুৰংগলৈ যাবলগীয়া পথসমূহো সামৰি লৈছে। সুৰংগটো উদ্বোধন কৰি দিয়া ভাষণত প্রধানমন্ত্রীয়ে এতিয়াৰে পৰা সোণমার্গ গোটেই বছৰটো পর্যটকৰ বাবে আকর্ষণীয় স্থান হৈ থাকিব আৰু শীতকালীন পর্যটন, দুঃসাহসিক ক্রীড়া আদিৰ উন্নীতকৰণৰ ফলত স্থানীয় লোকসকলৰ জীৱিকাৰ ক্ষেত্ৰতো সহায় হ’ব বুলি মন্তব্য কৰে। এই সুৰংগই বাহনসমূহৰ গতিবেগ প্রতিঘণ্টাত ৩০ কিলোমিটাৰৰ পৰা ৭০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ ফলত শ্রীনগৰ উপত্যকা আৰু লাডাখৰ মাজত সুচল যোগাযোগ নিশ্চিত হ’ব। উন্নত যোগাযোগ ব্যৱস্থাই প্রতিৰক্ষা বাহিনীৰ বাবে ৰচদ-পাতি যোগান সুচল কৰাৰ উপৰি অৰ্থনৈতিক বিকাশ আৰু জম্মু-কাশ্মীৰ আৰু লাডাখত আর্থ-সামাজিক ক্ষেত্ৰত সম্প্রীতিও বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত কেন্দ্রীয় ঘাইপথ আৰু স্থল পৰিবহণ মন্ত্রী নীতিন গাডকাৰী, কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিং, জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা আৰু ৰাজ্যখনৰ মুখ্যমন্ত্রী ওমৰ আব্দুল্লাৰ লগতে ভালসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Site Admin | January 13, 2025 5:21 PM | Kashmir | narendra modi | nitin_gadkari | Sonmarg Tunnel