October 6, 2024 8:26 PM | israel hamas war

printer

মধ্যপ্রাচ্য তথা গাজাত হিংসাৰ অন্ত পেলোৱাৰ আহ্বান জনাই বিশ্বৰ কেইবাখনো প্ৰধান চহৰত প্ৰতিবাদী কাৰ্যসূচী

ইজৰাইলত হামাছ আক্ৰমণৰ বৰ্ষপূর্তি ওচৰ চপাৰ লগে লগে মধ্যপ্রাচ্য তথা গাজাত হিংসাৰ অন্ত পেলোৱাৰ আহ্বান জনাই কালি বিশ্বৰ কেইবাখনো প্ৰধান চহৰত প্ৰতিবাদী কাৰ্যসূচী আয়োজিত হয়। পেলেষ্টাইনৰ হেজাৰ হেজাৰ সমর্থকে ছেণ্ট্ৰেল লণ্ডন, পেৰিছ, ৰোম, মেনিলা, কেপটাউন তথা নিউয়র্ক মহানগৰত সমদল উলিয়ায়। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণত এহেজাৰতকৈও অধিক ইজৰাইলী নাগৰিক নিহত হোৱাৰ লগতে কেইবাশ লোকক বন্দী কৰা হৈছিল। ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইলৰ সেনা বাহিনীয়ে গাজাত চলোৱা আক্ৰমণত ৪২ হাজাৰ পেলেষ্টাইনী নাগৰিক নিহত হোৱাৰ লগতে প্রায় ২৩ লাখ লোকে নিজ বাসস্থান এৰি অন্য স্থানলৈ যাবলৈ বাধ্য হয়। তদুপৰি গাজাত খাদ্য সংকটেও দেখা দিয়ে। ৰোমত আৰক্ষীয়ে কালি প্ৰতিবাদকাৰীসকলৰ মাজত কন্দুৱা গেছ প্রয়োগ কৰে। বাৰ্লিনত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। ইপিনে আন একাংশ লোকে বর্ধিত ইহুদী বিদ্বেশ সন্দৰ্ভত উদ্বিগ্নতা প্রকাশ কৰে ৷ ইজৰাইলৰ কাৰ্যপন্থা বিশ্বজুৰি সমালোচিত হোৱাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰ তথা ইয়াৰ মিত্ৰ ৰাষ্ট্ৰসমূহে ইজৰাইলৰ আত্মৰক্ষাৰ অধিকাৰৰ প্ৰতি সমর্থন জনায়।

অধিক পঢ়ক

সকলো চাওক