April 28, 2024 6:33 PM | Manipur

printer

মণিপুৰৰ ৬ টা ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্রহণৰ বাবে নির্বাচন আয়োগৰ নিৰ্দেশ

মণিপুৰৰ আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে ৬ টা ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। ভাৰতীয় নির্বাচন আয়োগে আজি এই সন্দৰ্ভত বিশেষ নির্দেশনা জাৰি কৰিছে। পৰহিলৈ অৰ্থাৎ অহা ৩০ এপ্রিলত পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্রহণ কেন্দ্রকেইটাত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে যোৱা ২৬ এপ্ৰিলত এই ৬টা ভোটগ্রহণ কেন্দ্ৰত সংঘটিত ব্যাপক খেলিমেলিৰ বাবে নিৰ্বাচন আয়োগে ভোটগ্রহণ প্রক্রিয়া বাতিল কৰিছিল। ৰাজ্যখনৰ উখৰুল জিলাৰ ৫ টা ভোটগ্রহণ কেন্দ্ৰ আৰু সেনাপতি জিলাৰ এটা ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক