কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত গৃহ মন্ত্ৰ্যালয়ৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত গৃহ মন্ত্ৰীগৰাকীয়ে মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰি ৰাজ্যখনৰ সুস্থিৰতা আৰু জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। একেৰাহে দ্বিতীয় দিনৰ বাবে মণিপুৰৰ পৰিস্থিতি পর্যালোচনা কৰা গৃহমন্ত্ৰীগৰাকীয়ে আজিৰ বৈঠকতে ৰাজ্যখনলৈ কেন্দ্ৰীয় সশস্ত্র বাহিনীৰ অতিৰিক্ত ৫০ টা বেটেলিয়ন প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইদিনমান পূৰ্বে ৰাজ্যখনলৈ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ২০ টা কোম্পানী প্ৰেৰণ কৰিছিল। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে যোৱা পষেকটোত মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ তিনিটা গোচৰ অনুসন্ধানৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা – এন আই এক দায়িত্ব দিয়া হৈছে। সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্রিক মৰ্চা চমুকৈ এ আই ইউ ডি এফৰ সভাপতি তথা প্রাক্তন সাংসদ বদৰুদ্দিন আজমলে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহলৈ মণিপুৰৰ হিংসাত্মক পৰিস্থিতি অন্ত পেলোৱাৰ ক্ষেত্ৰত হস্তক্ষেপ বিচাৰি পৃথকে পৃথকে একোখনকৈ পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত তেওঁ মণিপুৰত চলি থকা হিংসা আৰু অশান্তি সন্দৰ্ভত উদ্বেগ প্রকাশ কৰে। লগতে মণিপুৰ চৰকাৰ আৰু বিষয়ববীয়াসকলক হিংসা ৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে জবাবদিহি কৰিবলৈ প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰীক আহ্বান জনাইছে। ভাৰত চৰকাৰে মণিপুৰত শান্তি আৰু ন্যায় পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি বদৰুদ্দিন আজমলে পত্ৰখনত আশা ব্যক্ত কৰে ।
Site Admin | November 18, 2024 8:27 PM | Amit Shah Meeting