ডাউনলোড
মোবাইল এপ

android apple
signal

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙৰ পদত্যাগ

■ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙে কালি পদত্যাগপত্র দাখিল কৰে। শ্ৰীসিঙে ৰাজ্যপাল অজয় কুমাৰ ভল্লাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ অৰ্পণ কৰে। ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি অনুমান কৰা হৈছে। ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক পৰৱৰ্তী মুখ্যমন্ত্ৰী বাচনি নকৰা পৰ্যন্ত দায়িত্ববাহী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাই যাবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগপত্র দাখিল কৰাৰ সময়ত তেওঁৰ সৈতে ভাৰতীয় জনতা পাৰ্টী আৰু এন পি এফৰ ১৪ গৰাকী বিধায়ক আৰু প্ৰদেশ বিজেপিৰ অধ্যক্ষ এ সাৰদা তথা বিজেপি সাংসদ তথা বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী সম্বিত পাত্ৰও আছিল। পদত্যাগ পত্ৰত শ্ৰীসিঙে মণিপুৰবাসীৰ সেৱা কৰিবলৈ পোৱাটো তেওঁৰ বাবে সন্মানৰ কথা বুলি উল্লেখ কৰে। মণিপুৰবাসীৰ হিতৰ বাবে ৰাজ্যখনত ৰূপায়ণ কৰা বিভিন্ন আঁচনি তথা বিকাশৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰে। আকাশবাণীৰ ইম্ফলৰ সংবাদদাতাই আমাক জনোৱা মতে ৰাজ্যপাল শ্ৰী ভাল্লাই মুখ্যমন্ত্ৰীগৰাকীৰ পদত্যাগ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিছে যদিও ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব সেই বিষয়ে এতিয়ালৈ কোনো কথা স্পষ্ট হোৱা নাই। আজি আৰম্ভ হ’বলগীয়া মণিপুৰ বিধানসভা অধিবেশনো বাতিল কৰা হৈছে বুলি আমাৰ সংবাদদাতাগৰাকীয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে, ৰাজ্যখনত অব্যাহত থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতেই এন বীৰেণ সিঙে দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দলৰ নেতৃত্বৰ সৈতে বৈঠকত অংশ লোৱাৰ পাছত কালি সাংসদ সম্বিত পাত্ৰৰ সৈতে ইম্ফলত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰে।

অধিক পঢ়ক

সকলো চাওক