ডাউনলোড
মোবাইল এপ

android apple
signal

February 11, 2025 3:05 PM | Sambit Patra

printer

মণিপুৰৰ মুখ্যমন্ত্রী বাচনি, শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত বিজেপিৰ নেতা সম্বিত পাত্ৰৰ দলীয় বিধায়কৰ সৈতে বৈঠক

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পাছত ৰাজ্যখনত পৰৱৰ্তী মুখ্যমন্ত্রী বাচনি তথা শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত বিজেপিৰ নেতা সম্বিত পাত্ৰই ৰাজ্যখনত দলীয় বিধায়কসকলৰ সৈতে কালি এখন বৈঠকত মিলিত হয়। শ্রী পাত্রই মণিপুৰ বিধানসভাৰ অধ্যক্ষ আৰু বিজেপিৰ বিধায়ক থকচম সত্যব্ৰতৰ সৈতে কালি ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। ইয়াৰ পাছতে বিজেপি নেতাগৰাকীয়ে আন কেইবাগৰাকীও বিধায়কৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাৰ পাছত মণিপুৰৰ ৰাজ্যিক বিজেপি সূত্রই প্ৰকাশ কৰা মতে দলৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰিব। সূত্ৰটোৱে প্ৰকাশ কৰা মতে ৰাজ্যখনত শান্তি আৰু সম্প্ৰীতি অক্ষুণ্ণ ৰখাটো অগ্ৰাধিকাৰৰ বিষয় হিচাপে লোৱা হৈছে। আমাৰ আগৰ বাতৰিত কোৱা হৈছে, যে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে দেওবাৰে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিছিল। ৰাজ্যপাল গৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক পৰৱৰ্তী মুখ্যমন্ত্ৰী বাচনি নকৰা পৰ্যন্ত দায়িত্ববাহী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাই যাবলৈ আহ্বান জনোৱাৰ লগতে এই সন্দৰ্ভত কেন্দ্ৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিছিল । উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীগৰাকীৰ পদত্যাগৰ পৰিপ্ৰেক্ষিতত কালি হ’বলগীয়া মণিপুৰ বিধানসভাৰ অধিৱেশনা বাতিল কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক