উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত আছে। যোৱা নিশাৰ পৰা ৰাজ্যখনৰ কোনো অঞ্চলৰ পৰা কোনো ধৰণৰ হিংসাত্মক ঘটনাৰ বাতৰি পোৱা হোৱা নাই। অশান্ত ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে অতিৰিক্তভাৱে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৫০টা কোম্পানী প্ৰেৰণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত কালি অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি মণিপুৰলৈ গৃহ মন্ত্ৰ্যালয়ে অতিৰিক্তভাৱে ৫ হাজাৰ জোৱান প্ৰেৰণ কৰিব। ইপিনে ৰাজ্যখনত বাহৰ পাতি থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্রধান অনিছ দয়াল সিঙে কালি ইম্ফলত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ মুৰববীসকলৰ সৈতে সাম্প্ৰতিক পৰিস্থিতিৰ পৰ্যালোচনা কৰে। গৃহ মন্ত্ৰ্যালয়ৰ এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি মন্ত্ৰ্যালয়ৰ উচ্চ পৰ্যায়ৰ বিষয়াৰে গঠিত এটা দলে অচিৰেই মণিপুৰৰ হিংসা জৰ্জৰ অঞ্চলসমূহ ভ্ৰমণ কৰিব। অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন সন্দৰ্ভতো আলোচনা কৰা হয়। ইতিমধ্যে বৃহস্পতিবাৰে জিৰিবামকে ধৰি ছখন থানাৰ অধীনস্থ অঞ্চলত এই আইন বলৱৎ কৰা হৈছে। ইয়াৰ পূৰ্বে ৰাজ্যখনৰ ১৯ খন থানাৰ এলেকাত এই আইন বলৱৎ আছিল। মণিপুৰৰ সাম্প্ৰতিক উত্তেজনাময় পৰিস্থিতিৰ প্ৰভাৱ ৰাজ্যখনৰ ৰাজনীতিতো পৰিলক্ষিত হৈছে। কালি জিৰিবামৰ বিজেপিৰ জিলা পৰ্যায়ৰ ৮ গৰাকী বিষয়ববীয়াই দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে । এন বীৰেন সিং নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি কনৰাড চাংমা নেতৃত্বাধীন এন পি পিৰ ৭জন বিধায়কে সমর্থন প্ৰত্যাহাৰ কৰাৰ কথা কালি ঘোষণা কৰিছে। ইপিনে, চৰকাৰখনলৈ নিঃচৰ্ত সমৰ্থন আগবঢ়াই থকা নাগা পিপ’লছ ফ্রণ্টে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিত তেওঁলোকে চৰকাৰলৈ আগবঢ়োৱা সমর্থন কোনোপধ্যে প্রত্যাহাৰ নকৰে বুলি স্পষ্ট কৰি দিছে।
Site Admin | November 19, 2024 12:44 PM | Manipur Situation