ডাউনলোড
মোবাইল এপ

android apple
signal

মণিপুৰৰ জনসাধাৰণক কোনো ধৰণৰ উৰা বাতৰিত ভোল নাযাবলৈ আৰু শান্তি-শৃংখলা বৰ্তাই ৰখাৰ বাবে সুৰক্ষা বাহিনীৰে সহযোগিতা কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ আহ্বান

মণিপুৰৰ পৰিস্থিতি ক্রমান্বয়ে বেয়াৰ পিনে ঢাল খাইছে। জিৰিবাম জিলাৰ পৰা ছদিন পূর্বে তিনিটি শিশু আৰু তিনিগৰাকী মহিলা সন্ধানহীন হোৱাৰ পাছত শেহতীয়াকৈ আটাইকেইগৰাকীৰে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ পৰিস্থিতি পুনৰ জটিল হৈ পৰিছে। শুকুৰবাৰে নিশা আৰু শনিবাৰে মৃতদেহকেইটা নদীত উদ্ধাৰ হোৱাৰ পাছত কালিৰে পৰা মেইটেই লোকৰ প্ৰতিবাদত ৰাজ্যখনৰ পৰিস্থিতি উত্তাল হৈ পৰিছে। একাংশ প্ৰতিবাদকাৰীয়ে কালি ৰাজ্যখনৰ দুজন মন্ত্ৰী আৰু তিনিজন বিধায়কৰ বাসগৃহত আক্ৰমণ কৰাৰ পাছত ইম্ফলত সান্ধ্য আইন জাৰি কৰাৰ লগতে চাৰিখন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন কৰি ৰখা হৈছে। উল্লেখযোগ্য যে সোমবাৰে নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ১০ জন সন্দেহযুক্ত কুকি উগ্রপন্থী নিহত হৈছিল। একেদিনাই সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে তিনিটি শিশুসহ তিনিগৰাকী মহিলাক অপহৰণ কৰাৰ ঘটনা পোহৰলৈ আহিছিল। ইয়াৰ পাছতে অপহৃতসকলৰ মৃতদেহ উদ্ধাৰ হোৱাত তেওঁলোকক নাৱত উঠাই নি কুকি উগ্রপন্থীয়ে নদীত পেলাই দিয়াৰ সন্দেহ কৰা হৈছে। কালি শিলচৰ মেডিকেল কলেজ হাস্পতালৰ মৰ্গত থকা ১০ জন সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ মৃতদেহ মণিপুৰক গতাই দিয়াক কেন্দ্ৰ কৰিও হাস্পতালখনৰ চৌহদত উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ কুকি লোকে মৃতদেহকেইটা পৰিয়ালৰ লোকক চমজাই দিয়াৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে মণিপুৰত শান্তি শৃংখলা ঘূৰাই আনিবলৈ সুৰক্ষা বাহিনীসমূহক প্রয়োজনীয় পদক্ষেপ ল’বলৈ গৃহ মন্ত্ৰ্যালয়ে নির্দেশ দিছে। মন্ত্ৰ্যালয় এটা বিবৃতিযোগে দুয়োটা সম্প্ৰদায়ৰ সশস্ত্র দুষ্কৃতিকাৰী হিংসাত লিপ্ত হোৱাৰ ফলত একাংশ নিৰপৰাধী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বুলি প্ৰকাশ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত হিংসা অথবা অসূয়াজনিত কার্যকলাপৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰ্যালয়ে সকীয়াই দিছে। এই সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ গোচৰসমূহ ফলপ্ৰসূ আৰু খৰতকীয়া তদন্তৰ খাতিৰত ৰাষ্ট্ৰীয় তদন্ত সংস্থালৈ হস্তান্তৰ কৰা হৈছে। ইয়াৰ লগতে মন্ত্ৰালয়ে জনসাধাৰণক শান্তি বৰ্তাই ৰাখিবলৈ, কোনো ধৰণৰ উৰা বাতৰিত ভোল নাযাবলৈ আৰু ৰাজ্যখনত শান্তি-শৃংখলা বৰ্তাই ৰখাৰ বাবে সুৰক্ষা বাহিনীৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক