ডাউনলোড
মোবাইল এপ

android apple
signal

মণিপুৰৰ চুৰাচন্দপুৰ জিলাত জমি আৰু কুকী সম্প্রদায়ৰ ১৬ বিধ অস্ত্ৰ-শস্ত্ৰ নিৰাপত্তাৰক্ষীৰ হাতত সমৰ্পণ

মণিপুৰৰ চুৰাচন্দপুৰ জিলাত জমি আৰু কুকী সম্প্রদায়ে ১৬ বিধ অস্ত্ৰ-শস্ত্ৰ নিৰাপত্তাৰক্ষীৰ হাতত স্বেচ্ছায়ে সমৰ্পণ কৰে। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই যোৱা বৃহস্পতিবাৰে ৰাজ্যখনৰ সকলো সম্প্ৰদায়ৰ লোকক আৰক্ষীৰ পৰা কাঢ়ি নিয়া আৰু অবৈধভাৱে নিজৰ লগত ৰখা অস্ত্ৰ-শস্ত্ৰসমূহ সাত দিনৰ ভিতৰত আৰক্ষীক জমা দিবলৈ আহ্বান জনাইছিল। অস্ত্র-শস্ত্রসমূহ নির্দিষ্ট সময়ত জমা নিদিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ৰাজভৱনৰ পৰা প্ৰকাশ কৰা হৈছিল। ৰাজ্যপালৰ এই আহ্বানৰ পাছতেই জমি আৰু কুকী সম্প্ৰদায়ৰ নেতাসকলে অস্ত্ৰ-শস্ত্ৰ সমৰ্পন কৰি ৰাজ্যখনত শান্তি আৰু শৃংখলা বৰ্তাই ৰখাৰ চেষ্টা চলায়।

অধিক পঢ়ক

সকলো চাওক