মণিপুৰৰ কাংপোক্পি জিলাৰ বিভিন্ন অংশত কালি কুকি প্ৰদৰ্শনকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত এজন প্ৰতিবাদকাৰীয়ে প্ৰাণ হেৰুৱায় আৰু অন্য ২৫ জন আহত হয়। নিহত লোকজনক লাল গৌথা সিংগছিত বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত বাতৰি মতে কেইথেলমান্বিত হোৱা সংঘৰ্ষত এই ৩০ বছৰীয়া লোকজন গুলীবিদ্ধ হয় আৰু চিকিৎসালয়লৈ লৈ যোৱা অৱস্থাত মৃত্যু ঘটে। ইপিনে গামগিফাই, মতবুং আৰু কেইথেলমান্বিত হোৱা সংঘৰ্ষত কমেও ২৫ জন প্ৰতিবাদকাৰী আহত হয়। আহত লোকসকলক চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ৰাজ্যখনত জনসাধাৰণৰ মুক্ত আহ-যাহৰ অনুমতি প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ নিৰ্দেশৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্রয়োগ কৰাৰ পাছতে কুকী জনবসতিপ্রধান জিলাখনত প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত সংঘৰ্ষৰ সূত্রপাত হয়। প্রতিবাদকাৰীসকলে ব্যক্তিগত বাহনত অগ্নি সংযোগ আৰু ইম্ফলৰ পৰা সেনাপতি জিলা অভিমুখী ৰাজ্যিক পৰিবহন নিগমৰ এখন বাছ আবদ্ধ কৰাৰ চেষ্টা চলোৱাৰ পাছত পৰিস্থিতিৰ অধিক অৱনতি ঘটে। প্ৰতিবাদকাৰীসকলে লগতে ইম্ফল-ডিমাপুৰ সংযোগী দুই নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে আৰু চৰকাৰী বাহনৰ আহ-যাহ বিঘ্নিত কৰাৰ বাবে টায়াৰ জ্বলায়।
Site Admin | March 9, 2025 12:15 PM | Manipur
মণিপুৰৰ কাংপোক্পি জিলাত কুকি প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত এজন প্ৰতিবাদকাৰীৰ প্ৰাণহানি
