April 30, 2024 11:07 AM | Manipur Re-Election

printer

মণিপুৰৰ আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে আজি পুনৰ ভোটগ্রহণ

মণিপুৰৰ আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে ৬ টা ভোটগ্রহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। ভাৰতীয় নির্বাচন আয়োগে দিয়া এক নিৰ্দেশনাৰ ভিত্তিত পুনৰ ভোটগ্রহণ প্রক্রিয়া অনুষ্ঠিত হৈছে। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্রহণ প্রক্রিয়া আবেলি ৪ বজাত সমাপ্ত হ’ব। উল্লেখযোগ্য যে যোৱা ২৬ এপ্রিলত এই ৬ টা ভোটগ্রহণ কেন্দ্ৰত ব্যাপক খেলিমেলি হোৱাৰ বাবে নিৰ্বাচন আয়োগে ভোটগ্রহণ প্ৰক্ৰিয়া বাতিল কৰিছিল। ৰাজ্যখনৰ উখৰুল জিলাৰ ৫ টা ভোটগ্রহণ কেন্দ্ৰ আৰু সেনাপতি জিলাৰ এটা ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে।

অধিক পঢ়ক

সকলো চাওক