অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত কালিৰেপৰা দুদিনীয়াকৈ স্থিতিস্থাপক ভৱিষ্যতৰ বাবে পৰৱৰ্তী প্ৰজন্মক সৱলীকৰণ শীৰ্ষক কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত অগ্নি নির্বাপন, ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ব্যৱস্থাপনা আৰু উদ্ধাৰ অভিযানত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব পৰাকৈ যুৱ প্ৰজন্মক সাজু কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। যিকোনো দুৰ্যোগকালীন পৰিস্থিতিত ক্ষতি হ্ৰাস কৰি উদ্ধাৰ অভিযানৰ সময়ত তাৎক্ষণিকভাৱে ল’বলগীয়া ব্যৱস্থা আৰু প্ৰাথমিক চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰিক জ্ঞান দিয়াৰ বাবেও এই কাৰ্যসূচীত প্ৰয়াস কৰা হৈছে। কালি ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই এই অনুষ্ঠানত উপস্থিত থাকি দুৰ্যোগ ব্যৱস্থাপনাৰ অনুশীলন কাৰ্যৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত অসমৰ উপৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু ছিকিমৰ লগতে দেশৰ আন কেইবাখনো ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়াসকলে অংশগ্রহণ কৰিছে। আজি এই কৰ্মশালাৰ সামৰণি পৰিব।
Site Admin | December 11, 2024 12:41 PM | AIR GUWAHATI | Guwahati University
মঙলবাৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ স্থিতিস্থাপক ভৱিষ্যতৰ বাবে পৰৱৰ্তী প্ৰজন্মক সৱলীকৰণ শীৰ্ষক কৰ্মশালাৰ আয়োজন
