মঙলদৈ, হাইলাকান্দি জিলাত ভোটাৰ শিক্ষণ তথা সজাগতা কাৰ্যসূচী

মঙলদৈ জিলা পুথিভৰাঁলত সূক্ষ্ম পর্যবেক্ষকসকলৰ এখন দুদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত নিয়োগ কৰা ২৫৯ জন সূক্ষ্ম পর্যবেক্ষকক এই কাৰ্যসূচীত প্রশিক্ষণ দিয়া হয়। ইতিমধ্যে জিলাখনৰ দলগাঁও, মঙলদৈ আৰু ছিপাঝাৰ বিধানসভা সমষ্টিৰ ভোটগ্রহণকাৰী বিষয়াসকলৰ প্রশিক্ষণ সম্পন্ন হৈছে। ইফালে জিলাখনত ভোটদাতা ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোটগ্রহণত অংশগ্রহণ কোষ অর্থাৎ ছুইপে বিভিন্ন সজাগতামূলক কার্যসূচী গ্রহণ কৰিছে। জিলাখনত তিনিটা বিধানসভা সমষ্টিত মুঠ ৮৩৫টা ভোটগ্রহণ কেন্দ্র আছে বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিছে। হাইলাকান্দি জিলাৰ ছুইপ অর্থাৎ পদ্ধতিগত ভোটাৰ শিক্ষণ তথা সজাগতা কাৰ্যসূচীৰ অধীনত জিলাখনৰ কাটলিচৰা অঞ্চলত কালি এখন বিশেষ ভোটাৰ সজাগতা সভাব আয়োজন কৰা হয়। কাটলিচৰা মহকুমা ক্রীড়া সংস্থা আৰু হাইলাকান্দি জিলা ক্রীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আয়োজিত অনুষ্ঠানত নতুন ভোটাৰসকলক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সজাগতা ৰেলী আৰু বিভিন্ন ক্রীড়া প্রতিযোগিতাৰ আয়োজন কৰা হয়। ৰেলীত স্থানীয় জনসাধাৰণৰ লগতে ক্রীড়া বক্তিত্ব সকলে অংশগ্রহণ কৰে। অনুষ্ঠানটোত ভোটদানৰ আৱশ্যকতা সন্দৰ্ভত ভোটাৰসকলক অৱগত কৰাৰ লগতে ভোটদানৰ সুবিধার্থে নির্বাচন আয়োগে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়েও জানিবলৈ দিয়া হয়। ডিফু লোকসভা সমষ্টিৰ নিৰ্বাচনৰ কাম-কাজৰ পৰ্যবেক্ষণৰ উদ্দেশ্যেৰে নিৰ্বাচনৰ সাধাৰণ পর্যবেক্ষক, নির্বাচনী ব্যয় পর্যবেক্ষক আৰু আৰক্ষী পর্যবেক্ষক ডিফুত উপস্থিত হৈছে। নির্বাচনকেন্দ্রিক অভিযোগ আৰু অনুসন্ধানৰ বাবে তেওঁলোকক যোগাযোগ কৰিব পৰা যাব বুলি জানিব পৰা গৈছে ৷

অধিক পঢ়ক

সকলো চাওক