ডাউনলোড
মোবাইল এপ

android apple
signal

January 14, 2025 7:31 PM | Maha Kumbh

printer

মকৰ সংক্ৰান্তি উপলক্ষে উত্তৰ প্ৰদেশৰ ত্রিবেণী সংগমৰ মহা কুম্ভত ৩ কোটি ৫০ লাখৰো অধিক লোকৰ স্নান

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহা কুম্ভত আজি মকৰ সংক্ৰান্তি উপলক্ষে ত্রিবেণী সংগমত আয়োজিত অমৃত স্নান কার্যসূচীত ৩ কোটি ৫০ লাখৰো অধিক লোকে স্নান কৰে। এই পৱিত্ৰ স্নান কাৰ্যসূচী বর্তমানেও নিয়াৰিকৈ চলি আছে। লক্ষাধিক ভক্তই এই স্নান সম্পন্ন কৰাৰ বাবে সেই স্থানত উপস্থিত হয়। স্নানৰ পাছত ভক্তসকলে ঘাটত পূজা অৰ্চনা আগবঢ়ায়। তেওঁলোকে লগতে পুৱাৰ ভাগত গংগা আৰতিতো অংশগ্ৰহণ কৰে ৷ উৎসৱৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি তেওঁলোকে দুৰ্বল শ্ৰেণীৰ লোকসকলক বিভিন্ন সামগ্রী দান কৰে। আনহাতে, মহাকুম্ভ মেলাত অসমৰ মাজুলীৰ লগতে উত্তৰ-পূবৰ কেইবাগৰাকীও পুৰোহিত আৰু সত্ৰাধিকাৰে অংশগ্ৰহণ কৰিব। মাজুলীৰ আউনীআটি, দক্ষিণপাট আৰু উত্তৰ কমলাবাৰী সত্ৰৰ ভকত-বৈষ্ণৱৰ লগতে ৰাজ্যৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰো এই মেলাত উপস্থিত থকাৰ কথা। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সত্ৰাধিকাৰসকলক মেলালৈ আমন্ত্ৰণ জনোৱাৰ লগতে তেওঁলোকক বিশেষ অতিথিৰ মৰ্য্যাদা দিয়া হ’ব বুলি প্ৰকাশ কৰিছে। মাজুলীৰ সত্ৰাধিকাৰ আৰু ভকত-বৈষ্ণৱৰ দলে মেলাৰ অংশ হিচাপে সত্ৰীয়া সংস্কৃতি প্রদর্শন কৰিছে। 

অধিক পঢ়ক

সকলো চাওক