নির্বাচন আয়োগে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ভোট গণনাৰ পূৰ্বে ১৫০ গৰাকী জিলা দণ্ডাধীশলৈ ফোন কৰা বুলি কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে দিয়া অভিযোগৰ সবিশেষ প্ৰকাশ কৰিবলৈ আজি নেতাগৰাকীক নিৰ্দেশ দিছে। শ্ৰী ৰমেশলৈ লিখা এখন পত্ৰত নিৰ্বাচন আয়োগে এইটো স্পষ্ট কৰি দিছে যে, আদর্শ নির্বাচনী সংহিতা বলৱৎ হৈ থকাৰ সময়ছোৱাত সকলোবোৰ বিষয়া আয়োগৰ ওচৰত দায়বদ্ধ হৈ থাকে আৰু তেওঁলোকে যিকোনো নির্দেশ দিয়াৰ পূৰ্বে আয়োগক প্ৰত্যক্ষভাৱে অৱগত কৰিব লাগে। আয়োগে লগতে কৈছে যে, কংগ্ৰেছৰ নেতাগৰাকীয়ে অভিযোগ কৰাৰ দৰে কোনো এগৰাকী জিলা দণ্ডাধীশে কোনো ব্যক্তিকে কোনো প্ৰকাৰে প্ৰভাৱিত কৰা সন্দৰ্ভত আয়োগে একো তথ্য লাভ কৰা নাই। নির্বাচন আয়োগে লগতে কৈছে যে, শ্ৰী ৰমেশে দিয়া এনেধৰণৰ ৰাজহুৱা বিবৃতিয়ে সন্দেহৰ সৃষ্টি কৰে আৰু সেয়েহে বৃহত্তৰ জনস্বার্থৰ খাতিৰত ইয়াৰ সমাধান কৰাটো অত্যন্ত আৱশ্যক। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাক কেনেধৰণৰ ফোন কল কৰিছিল, সেই বিষয়ে সবিশেষ তথ্য প্ৰকাশ কৰিবলৈ আয়োগে শ্ৰী ৰমেশক অনুৰোধ জনাইছে যাতে এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় ৷
Site Admin | June 2, 2024 9:06 PM | Jairam Ramesh
ভোট গণনাৰ পূৰ্বে ১৫০ গৰাকী জিলা দণ্ডাধীশলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ফোন কৰা অভিযোগৰ সবিশেষ প্ৰকাশ কৰিবলৈ কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশক নির্বাচন আয়োগৰ নিৰ্দেশ
