লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী আয়োজন কৰা হৈছে। নির্বাচন অনুষ্ঠিত হ’বলগীয়া জিলাসমূহত এই সম্পৰ্কীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। এই সংক্ৰান্তত ঠায়ে ঠায়ে ভোটাৰ সজাগতাৰ লক্ষ্যৰে সজাগতামূলক কাৰ্যসূচী হাতত লোৱা হৈছে। ওদালগুৰি জিলাত ভোটাৰৰ মাজত ভোটদান সম্পৰ্কীয় সজাগতা সৃষ্টিৰ লক্ষ্যৰে খৈৰাবাৰী ৰে’লৱে গেটৰ পৰা নাগাছোৱালৈ ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মানৱ শৃংখল গঠন কৰা হয়। বঙাইগাঁও জিলা প্রশাসনে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি চলোৱাৰ লগতে কোনো ধৰণৰ সম্ভাব্য অপ্রীতিকৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ জিলাখনৰ সকলো নথিভুক্ত আৰু পঞ্জীভুক্ত মাৰণাস্ত্ৰ প্ৰশাসনৰ হাতত জমা দিবলৈ নিৰ্দেশ জাৰি কৰে ৷ বাক্সা জিলাতো জিলা প্ৰশাসনে দৰং-ওদালগুৰি লোকসভা সমষ্টিত ভোটগ্ৰহণৰ বাবে নিয়োজিত ভোটগ্ৰহণকাৰী বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হৈছে। ইফালে, কোকৰাঝাৰত নিৰ্বাচনী বিভাগে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কৰ্তব্যৰত আৰক্ষীসকলৰ কাৰণে পোষ্টেল বেলট ভোটদানৰ আয়োজন কৰে।
Site Admin | April 21, 2024 6:42 PM | Udalguri
ভোটাৰৰ মাজত ভোটদানৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ওদালগুৰি জিলাত ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মানৱ শৃংখল
