কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ঝাৰখণ্ডৰ চাহেবগঞ্জ জিলাৰ চাওতাল পৰগণা খণ্ডৰ ভোগনাদীহত ঝাৰখণ্ড বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ শুভাৰম্ভ কৰে। পুলিচ লাইন গ্রাউণ্ডত আয়োজিত এখন জনসভাক সম্বোধন কৰি শ্ৰী শ্বাহে কয় যে পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে। শ্ৰী শ্বাহে আশ্বাস প্ৰদান কৰি কয় যে যদি ৰাজ্যখনত বিজেপি ক্ষমতালৈ আহে তেতিয়া জ্যেষ্ঠ নাগৰিক তথা ৭৫ বছৰৰ ঊৰ্ধৰ নাগৰিকসকলক ১০ লাখ টকা পর্যন্ত বিনামূলীয়া চিকিৎসা সাহায্য প্ৰদান কৰা হ’ব। বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ফলত ৰাজ্যখনৰ চাওতাল অধ্যুষিত অঞ্চলৰ জনগাঁথনি পৰিৱৰ্তন হৈছে বুলি তেওঁ লগতে অভিযোগ উত্থাপন কৰে। গিৰিডিত আয়োজিত আন এখন সমাৱেশত শ্ৰী শ্বাহে ভোটবেংকৰ বাবে অনুপ্ৰৱেশকাৰীসকলক সুৰক্ষা দিছে বুলি ঝাৰখণ্ড চৰকাৰক সমালোচনা কৰে।
Site Admin | September 20, 2024 7:50 PM | Amit Shah