প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূৱনেশ্বৰত ওড়িশা চৰকাৰৰ ধ্বজাবাহী উদ্যম সুভদ্রা আঁচনি মুকলি কৰিব। সুভদ্রা আঁচনিখন ওড়িশা চৰকাৰে ৰূপায়ণ কৰিবলগীয়া এখন অন্যতম বৃহৎ মহিলাকেন্দ্রিক আঁচনিৰূপে পৰিগণিত হৈছে। এই আঁচনিখনে এক কোটিতকৈও অধিক মহিলাক সহায়ৰ হাত আগবঢ়াব। এই আঁচনিৰ জৰিয়তে ২১ৰ পৰা ৬০ বছৰ বয়সৰ ভিতৰৰ যোগ্য হিতাধিকাৰীসকলে ৫ বছৰৰ বাবে ৫০ হাজাৰ টকা লাভ কৰিব। হিতাধিকাৰীসকলক বেংক একাউণ্টৰ জৰিয়তে বছৰি দুটা সমান কিস্তিত ৫ বছৰৰ বাবে ১০ হাজাৰ টকাকৈ আগবঢ়োৱা হ’ব। আজি এই আঁচনি মুকলি অনুষ্ঠানৰ প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ১০ লাখতকৈও অধিক মহিলা হিতাধিকাৰীক প্ৰথম কিস্তিৰ ধন প্ৰদান কৰিব। প্রধানমন্ত্ৰীয়ে লগতে ৰাজ্যখনত ২ হাজাৰ ৮০০ কোটিতকৈও অধিক টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া ভালেমান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰে’লৱেৰ সৈতে জড়িত কেইটামান প্ৰকল্প ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিব। এই প্রকল্পসমূহে ৰাজ্যখনত ৰেলৱেৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে অঞ্চলটোৰ বিকাশ আৰু সংযোগ ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। শ্রী মোদীয়ে লগতে এহেজাৰ কোটিতকৈও অধিক ধনৰ ব্যয়ৰে ৰূপায়ণ কৰিবলগীয়া ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰো আধাৰশিলা স্থাপন কৰিব। শ্রী মোদীয়ে লগতে প্রধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰিব। অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশা চৰকাৰে ইতিমধ্যে আজি ভূৱনেশ্বৰ পৌৰ নিগমৰ অধীনৰ সকলো বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ ৰখা হ’ব বুলি ঘোষণা কৰিছে।
Site Admin | September 17, 2024 11:38 AM | PM Modi at Odisha