ডাউনলোড
মোবাইল এপ

android apple
signal

ভূৱনেশ্বৰত উৎকর্ষ ওড়িশা, মেক ইন ওড়িশা সন্মিলন উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূৱনেশ্বৰত উৎকর্ষ ওড়িশা, মেক ইন ওড়িশা সন্মিলন উদ্বোধন কৰে। ওড়িশা চৰকাৰৰ উদ্যোগত উৎকর্ষ ওড়িশা শীর্ষক এই গোলকীয় বিনিয়োগ সন্মিলনখনৰ আয়োজন কৰা হৈছে। এই সন্মিলনৰ জৰিয়তে ৰাজ্যখনলৈ বিনিয়োগকাৰীক আকৰ্ষণৰ চেষ্টা চলোৱা হৈছে। ওড়িশাই এই দুদিনীয়া সন্মিলনৰ মাধ্যমেৰে ৫ লাখ কোটি টকালৈ বিনিয়োগ বৃদ্ধি কৰাৰ লগতে ৰাজ্যখনত তিনি লাখ ৫০ হাজাৰলৈ কৰ্ম সংস্থাপন বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। সন্মিলনখনত দেশৰ ভিন্ন ৰাজ্যৰ বিনিয়োগকাৰী আৰু উদ্যোগপতিৰ লগতে ১২ খন দেশৰ প্ৰতিনিধিসহ সাত হেজাৰৰো অধিক প্রতিনিধিয়ে অংশগ্রহণ কৰিছে। বিনিয়োগ সন্মিলন উদ্বোধন কৰি প্ৰধানমন্ত্রী মোদীয়ে কয়, যে কেৱল কেঁচা মালৰ ৰপ্তানিৰ জৰিয়তেই দ্রুত বিকাশ সম্ভৱ হৈ নুঠে। তেওঁ এই প্ৰসংগত এই ব্যৱস্থাটোৰ ৰূপান্তৰকৰণৰ বাবে ভাৰতৰ সামগ্ৰিক ঔদ্যোগীক পৰিৱেশতন্ত্ৰটো গুৰুত্ব আৰোপ কৰে৷ সন্মিলনত ভাষণ দি ওড়িশাৰ মুখ্যমন্ত্রী মোহন চৰণ মাঝিয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিগত সাত মাহত পঞ্চমবাৰৰ বাবে ৰাজ্যখনলৈ আহিছে।

অধিক পঢ়ক

সকলো চাওক