প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ ভূৱনেশ্বৰত আজি অষ্টাদশ প্রবাসী ভাৰতীয় দিৱসৰ অভিৱৰ্তনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। নিজৰ ভাষণত শ্রীমোদীয়ে প্রবাসী ভাৰতীয়সকলে বিশ্বত ভাৰতৰ ৰাষ্ট্ৰদূতৰূপে সেৱা আগবঢ়াই অহা বুলি প্ৰশংসা কৰে। তেওঁ কয়, যে বিশ্বৰ বিভিন্ন দেশত থকা এই ভাৰতীয়সকলে তেওঁৰ প্ৰতি প্ৰদৰ্শন কৰা মৰম আৰু সন্মানক তেওঁ কেতিয়াও পাহৰিব নোৱাৰে। শ্ৰীমোদীয়ে কয়, যে ভাৰতীয় সম্প্রদায়ে বিশ্বজুৰি নিজৰ কৃতিত্ব প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকৰ সফলতাই দেশক গৌৰৱান্বিত কৰে। প্ৰবাসী ভাৰতীয়সকলে বিশ্বজুৰি লাভ কৰা এই সন্মানৰ আঁৰত ভাৰতীয় প্ৰমূল্যৰ ভূমিকাৰ ওপৰতো প্রধানমন্ত্ৰীয়ে আলোকপাত কৰে। তেওঁ কয়, যে বিগত ১০ বছৰত তেওঁ কেইবাগৰাকীও বিশ্ব নেতাক সাক্ষাৎ কৰিছে আৰু প্ৰতিগৰাকী নেতাই প্রবাসী ভাৰতীয়সকলক প্ৰশংসা কৰিছে। প্রধানমন্ত্ৰীয়ে কয়, যে ভাৰতীয় সম্প্রদায়ে বিশ্বৰ বিভিন্ন দেশৰ সমাজত প্রোথিত কৰা সামাজিক প্ৰমূল্যই ইয়াৰ মূল কাৰণ বুলি ক’ব পাৰি। তেওঁ লগতে ভাৰতৰ গণতান্ত্রিক মূল্যবোধৰ গুৰুতৰ বিষয়ে উল্লেখ কৰি কয়, যে ভাৰত কেৱল গণতন্ত্ৰৰ জননীয়ে নহয়, বৰং ভাৰতীয়সকলৰ জীৱন শৈলীত গণতান্ত্রিক প্রমূল্য নিহিত হয় আছে। তেওঁ প্রবাসী ভাৰতীয় দিৱস উদ্যাপনৰ আৰম্ভণি কৰাৰ ক্ষেত্ৰত প্ৰাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ অৱদানৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। এই অনুষ্ঠানত ওড়িশাৰ ঐতিহ্যৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, যে কোনার্কৰ মন্দিৰ, উদয়গিৰি আৰু খণ্ডগিৰি গুহা তথা তাম্রলিপ্তি আৰু মাণিকপাটনাৰ দৰে প্ৰাচীন বন্দৰ সমৃদ্ধ এই প্ৰসিদ্ধ ভূমিয়ে ভাৰতৰ চহকী ইতিহাস আৰু ঐতিহ্যকে প্রতিফলিত কৰে। এই অনুষ্ঠানত প্রধানমন্ত্রীয়ে প্রবাসী তীৰ্থ দৰ্শন আঁচনিৰ অধীনত বিদেশত থকা ভাৰতীয় সম্প্ৰদায়ৰ বাবে প্ৰবাসী ভাৰতীয় এক্সপ্ৰেছ শীৰ্ষক বিশেষ পৰ্যটন ৰে’লগাড়ীখনৰ যাত্রা ভার্চুৱেলী ব্যৱস্থাৰে শুভাৰম্ভ কৰে। দিল্লীৰ নিজামুদ্দিন ৰে’ল ষ্টেচনৰ পৰা যাত্ৰা কৰা এই ৰে’লগাড়ীখনে প্রবাসী ভাৰতীয়সকলক ৩ সপ্তাহৰ ভিতৰত দেশৰ বিভিন্ন ধৰ্মীয় আৰু পৰ্যটন স্থানলৈ লৈ যাব।আজিৰ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ, কেন্দ্ৰীয় মন্ত্ৰী ধর্মেন্দ্র প্রধান, অশ্বিনী বৈষ্ণৱ, ওড়িশাৰ ৰাজ্যপাল হৰিবাবু কন্তুমপতি, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তিনিবাৰকৈ গ্ৰেমী বঁটা বিজেতা সংগীত শিল্পী ৰিকি কেজৰ পৰিবেশনৰে অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। এই অনুষ্ঠানত দিয়া ভাষণত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয়, যে ওড়িশাত এই দিৱসৰ আয়োজনে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ পূৰ্বাঞ্চলৰ বিকাশ আৰু সাংস্কৃতিক সমৃদ্ধিক প্ৰতিফলিত কৰাৰ উদ্দেশ্য গ্ৰহণ কৰা পূৰ্বোদয় নীতিকে প্ৰতিফলিত কৰিছে। দিৱসৰ আজিৰ অনুষ্ঠানত ত্রিনিদাদ আৰু তবাগো গণৰাজ্যৰ ৰাষ্ট্ৰপতি কৃষ্টিন কার্লা কাংগালোৱে ভার্চুৱেল ব্যৱস্থাৰে মুখ্য অতিথি হিচাপে অংশ লৈ ভাষণ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কাইলৈ এই দিৱসৰ সামৰণি অনুষ্ঠানত অংশ লৈ বিদেশত থকা ভাৰতীয়সকলৰ কৃতিত্বক স্বীকৃতি দিয়াৰ বাবে প্ৰবাসী ভাৰতীয় সন্মান প্ৰদান কৰিব।
Site Admin | January 9, 2025 2:56 PM | narendra modi | PMO India