প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে হোৱা ভূমিস্খলনত বেয়াকৈ ক্ষতিগ্ৰস্ত কেৰালাৰ ৱায়নাডৰ প্ৰতি পূর্ণ সমর্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। সামাজিক মাধ্যম এক্স যোগে এই বিপর্যয়ক লৈ উদ্বেগ প্রকাশ কৰি শ্ৰীমোদীয়ে কয় যে, ৱায়নাডৰ ভূমিস্খলনৰ ঘটনাই সকলোকে ব্যথিত কৰি তুলিছে। প্রধানমন্ত্ৰীয়ে কয় যে, তেওঁ ভূমিস্খলনৰ পাছৰে পৰা পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰভাৱিত লোকসকলৰ সহায়ৰ বাবে উপলভ্য সকলো সম্পদ একত্ৰিত কৰিছে। তেওঁ কালি বিমানেৰে অঞ্চলটো পৰিদৰ্শন কৰা বুলিও প্ৰকাশ কৰে । প্রধানমন্ত্রীয়ে কালি বায়নাড ভ্ৰমণৰ সময়ছোৱাত ভূমিস্খলনৰ বলি হোৱা লোকসকলক সাক্ষাৎ কৰে আৰু ভালেসংখ্যক পৰিয়ালৰ ওপৰত ইয়াৰ গুৰুতৰ প্ৰভাৱৰ কথা স্বীকাৰ কৰে। তেওঁ ব্যক্তিগতভাৱে কেইবাটাও সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু আহতসকলৰ সৈতে মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে সম্ভাব্য সকলো ধৰণৰ সাহায্য প্ৰদান কৰা হ’ব বুলি আশ্বাস দিয়ে। বিমানেৰে ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰাৰ পাছত শ্ৰীমোদীয়ে বিষয়া আৰু সাহায্য কৰ্মীসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকক সাহায্য প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনায়। তেওঁ কয় যে, কেৰালা চৰকাৰৰ পৰা বিশদ তথ্য লাভ কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোত বিদ্যালয় আৰু বাসগৃহকে ধৰি প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণৰ বাবে যাৱতীয় পদক্ষেপ ল’ব।
Site Admin | August 11, 2024 11:21 AM | PM visit Wayanad Kerala